Spread the love

“অলৌগুটি তলৌগুটি” আৰু ৰাজশ্ৰী শইকীয়াৰ নতুন গীতঃ

“অলৌগুটি তলৌগুটি, কচুগুটি ঘাই

যি হাতে গুটি আছে, সেই হাতে পায়।”

এয়া সম্প্ৰতি সময়ছোৱাত নৱপ্ৰজন্মই শুনিবলৈ নোপোৱা কেইটামাম শাৰী। পূৰ্বে চোতালখন আছিল সৰু ল’ৰা-ছোৱালীৰ খেলাৰ ঠাইডোখৰ, ঘৰখন উমাল কৰি ৰাখি শিশুসকলে এই খেলবিধ খেলিছিল। খেলবিধক নহ’লেও এই খেলবিধ খেলাৰ সময়ত গোৱা উক্ত শাৰীকেইটা গীত আকাৰে অসমীয়া শ্ৰোতা-ৰাইজৰ মাজলৈ লৈ আনিবলৈ সাজু হৈছে অসমীয়া সংগীতক্ষেত্ৰৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজশ্ৰী শইকীয়াই। গীতটোৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈকে জনোৱা হোৱা নাই যদিও গীতটিক লৈ সৰ্বত্ৰে চলিছে চৰ্চা, সেয়া আপোনালোকে ছ’চিয়েল মিডিয়াত অকণমান সময় কটালে ৰীলচ সমূহত উদাহৰণ দেখিব। ৰাজশ্ৰী শইকীয়াৰ কণ্ঠ আৰু গীত সমূহত ব্যতিক্ৰমীতা আছে বাবেই তেওঁৰ গীতসমূহ ভাইৰেল হোৱা পৰিলক্ষিত হয়। আহিবলগীয়া “অলৌগুটি তলৌগুটি” শীৰ্ষক গীতটিৰ কথা শোণিত গগৈৰ। কণ্ঠদানৰ লগতে গীতটিত সুৰ কৰিছে ৰাজশ্ৰী শইকীয়াই নিজেই। আনহাতে, গীতটিত সংগীত কৰিছে হৰজিৎ দিয়াজে। শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ।

বৰ্তমান পৰিপ্ৰেক্ষিতত এটা গীতৰ সময়সূচী বৰ কমদিনৰ হৈ পৰে। ক্ষন্তেকতে ভাইৰেল হৈ পৰে যদিও তাৰ পিছ মুহূৰ্তত মানুহে পাহৰিও পেলায়। গতিকে গীত এটি শ্ৰুতিমধুৰ হোৱাৰ লগতে গীতৰ সুৰ আৰু কণ্ঠশিল্পী গৰাকীৰ উপস্থাপনৰ দিশটো হ’ব লাগিব অনবদ্য। সংগীতৰ অলংকাৰে মনত আলোড়নৰ সৃষ্টি কৰিব পৰা ক্ষমতা থাকিলেই গীত সমূহে সমাদৰ লাভ কৰাটো নিশ্চিত হৈ পৰে। এনেক্ষেত্ৰত মুক্তিপাবলগীয়া ৰাজশ্ৰী শইকীয়াৰ গীতটি কিমান দূৰ সফলকাম হ’ব সেয়া আমি অনাগত দিনতহে জানিব পাৰিম। “কভাৰ কুইন” হিচাবে চিনাকী ৰাজশ্ৰী শইকীয়াই নিজ সাবলীল কণ্ঠৰে হিন্দী, ইংৰাজী তথা বঙালীকে আদি কৰি আন কেইবাটাও ভাষাৰ গীতক নিজা ধৰণে গাই শ্ৰোতাৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

গতিকে এনেক্ষেত্ৰত, তেওঁৰ আহিবলগীয়া গীতটিক লৈ অপেক্ষাৰত অনুৰাগীৰ শাৰী দীঘলীয়া। ৰাজশ্ৰীলৈ Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ অলেখ অযুত শুভকামনা…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *