Spread the love

পুনৰ এবাৰ এখন নতুন অসমীয়া ছবিৰ খবৰ আপোনাক দিবলৈ লৈছোঁ। ঠন ধৰি উঠা অসমীয়া ছবি উদ্যোগটোৱে বৰ্তমান নিতৌ নতুন নতুন খবৰ জনসাধাৰণক দিছে। এইবাৰ আপোনালোকক এখন নতুন ছবি “চিলনী চোৰ” ৰ কথা জনাবলৈ লৈছোঁ। আমি প্ৰত্যেকেই দেখিছোঁ যে, কৰ্মসংস্থাপন তথা কিবা এটা কৰাৰ আশাত গুৱাহাটী মহানগৰীলৈ বহু যুৱক-যুৱতী আহে। যদিও এটা সপোনক লৈ আহে, তথাপিও প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় তেওঁলোক। মুহূৰ্তে মুহূৰ্তে নতুন নতুন সমস্যাৰে জৰ্জৰিত হৈ পৰে। এনে এক বাস্তৱধৰ্মী কাহিনীকেই লৈ পৰিচালক প্ৰণৱ জ্যোতি ভৰালীয়ে নিৰ্মাণ কৰি আছে এখন নতুন ছবি “চিলনী চোৰ” ।



প্ৰথমটো পৰ্যায়ৰ শ্বুটিং ইতিমধ্যে সমাপ্ত হৈছে। পৰেশ বৰাৰ প্ৰযোজনাৰে নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য লিখিছে ডাঃ নয়নজ্যাতি তালুকদাৰে। দৃশ্যগ্ৰহণ প্ৰফুল্ল ৰাভাৰ আৰু সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহীৰ ভৈৰৱে। ছবিখনৰ এটি গীতক শেহতীয়াকৈ বাণীবদ্ধ কৰা হৈছে। এই গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু সুবাসনা দত্তই। ইয়াৰ সমান্তৰালকৈ, ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে ক্ৰমে দীক্ষু শৰ্মা, আচুৰ্য্য বৰপাত্ৰ, নিতুল দাধৰা আৰু দীপলিনা ডেকাই। গীতসমূহ লিখিছে ৰবচন বৰুৱা, কেশৱ নয়ন আৰু বিমান বৰুৱাই। মুখ্য সহকাৰী পৰিচালনা কৰিছে ভৱেশ নাথে আৰু সহকাৰী পৰিচালক পুলক শিৱম। ছবিখনত থকা এক্সনৰ পৰিচালনা প্ৰণৱ মেধিৰ। ছবিখনত অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া, ঝুলেন ভূঞা, নীলাক্ষী দেৱী, চাজু আহমেদ, প্ৰণৱ দত্ত, নীল তামুলী, কংকন দে, জ্যোতিষ্মান শৰ্মা, মিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ ভূঞা আৰু অনুপম শইকীয়াই।

ছবিখনৰ সৈতে জড়িত আটাইলৈ Jollywood Now ৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *