Spread the love

চলিত বৰ্ষৰ সমান্তৰালকৈ আমি আগন্তুক বৰ্ষত মুক্তি পাবলগীয়া কিছুমান অসমীয়া ছবিৰ বাবে দৰ্শক অধীৰ অপেক্ষাৰে ৰৈ আছোঁ। বিশ্বজিৎ বৰাৰ “বীৰাঙ্গনা সাধনী” ক লৈ যি চৰ্চা চলিছে, সেয়া সঁচাকৈ প্ৰশংসনীয় তথা শলাগিবলগীয়া।

সাহস, ধৈৰ্য্য, বীৰত্ব আৰু দেশ-জাতিৰ বাবে শত্ৰুৰ বিৰুদ্ধে সতী সাধনীয়ে আত্মবলিদান দিছে। তেখেতৰ বীৰত্বৰ গৌৰৱময় গাথা আমাৰ ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে। বীৰাঙ্গনা সতী সাধনীক সুঁৱৰি তেখেতৰ স্মৃতিত এনে এক পৰিকল্পনা কৰাটো আমাৰ বাবে এক গৌৰৱৰ বিষয়।

উল্লেখ্য যে, ছবিখনৰ শ্বুটিঙৰ দিন চমু চাপিছে। ডিব্ৰুগড় তথা গুৱাহাটীৰ কেইবাখনো ঠাইৰ পৰা কেইবাগৰাকীও প্ৰতিভাৱান যুৱক-যুৱতীক লৈ “বীৰাঙ্গনা সাধনী” ক প্ৰস্তুত কৰাৰ প্ৰয়াসত নিৰলসভাৱে ব্যস্ত হৈছে পৰিচালক বিশ্বজিৎ বৰা। গুৱাহাটীত বৃহৎ আকাৰৰ Sets তৈয়াৰ কৰা হৈছে, এই Sets ত কেইবাখনো যুদ্ধৰ দৃশ্য দেখিবলৈ পোৱা যাব ছবিখনৰ । প্ৰায় ৮-১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ছবিখনত তিনিটা পৰ্যায়ত যুদ্ধৰ দৃশ্যাংশ থাকিব।

আজি সাজু হৈছোঁ ছবিখনৰ বিভিন্ন আপডেট আপোনাক দিবলৈ…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *