Spread the love

হেমন্ত কুমাৰ দাসৰ পৰিচালনা আৰু মানবেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাৰে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া বোলছবি হৈছে “অথেলো”। “অৰ্থ” বেনাৰত নিৰ্মিত বোলছবিখনে মুম্বাইত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেল” ত “শ্ৰেষ্ঠ চিত্ৰনাট্য” ৰ খিতাপ দখল কৰিছিল।

বোলছবিখনৰ নামৰ লগত “অথেলো” ৰ নিৰ্দ্দিষ্ট সেই কাহিনীটোৰ সৈতে সামঞ্জস্য নাই। এই বোলছবি খনে ৭০ দশকৰ বিপ্লৱী সত্তা আৰু বৰ্তমান সময়ৰ বিপ্লৱৰ মাজত থকা পাৰ্থক্যৰ এক সুক্ষ্ম আভাষ দৰ্শকক দিয়াৰ চেষ্টা কৰিছে। শিক্ষিত ডেকা বা ছোৱালীয়ে কোনো কৰ্মসংস্থান নোপোৱাৰ ফলত জীৱন নিৰ্বাহৰ পথ নিৰ্বাচন কৰোতে ভুল কৰা কিছুমান পৰিস্থিতিৰ কথা ব্যক্ত কৰিছে বোলছবিখনত। “বিপ্লৱী সত্তা” ৰ বিষয়ে জনসাধাৰণক আওৰাই দিছে বোলছবিখনত। এটা সময়ত “আলফা” সংগঠনটোত লগ দিয়া লোকৰ সংখ্যা আছিল অধিক। বৰ্তমানো ইয়াৰ কিছু প্ৰভাৱ লক্ষ্য কৰা যায়। এটা জাতিৰ মান-মৰ্যাদা, শিষ্টাচাৰ বা জাতিটোক বচাবলৈ উক্ত সংগঠনটোত যোগ দিয়া বুলি কোৱা হয় যদিও নিৰীহ লোকৰ প্ৰাণ কাঢ়ি কৰা বিপ্লৱে জাতিটোক কেনেধৰণে ৰক্ষণাবেক্ষণ দিব পাৰে তেনে এক প্ৰশ্ন কৰা হৈছিল “অথেলো” ত।

বোলছবিখনত মুখ্য চৰিত্ৰ দুটা যদিও অভিনীত প্ৰত্যেকটো চৰিত্ৰৰেই নিজ নিজ ব্যক্তিত্ব ৰখা হৈছে। এজন শিক্ষিত অট’চালক “মুন” লগতে এজনী উপায়হীন ক’ল গাৰ্ল “টিনা” ৰ কাহিনীৰ লগত সংযোগ কৰিয়েই বোলছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে। “বংকিম ভট্টাচাৰ্য”ৰ চৰিত্ৰ থকা অৰুণ নাথৰ বিপ্লৱী ৰূপটোৱেই দৰ্শকক আমোদ দিব পাৰিছে।বোলছবিখনৰ কাহিনী দিয়া ৰঞ্জিত শৰ্মাই এজনী “ক’ল গাৰ্ল” ক মূখ্য চৰিত্ৰত লৈ কৰা এইখনেই প্ৰথম অসমীয়া বোলছবি বুলি কয়।

অটোচালকৰ অভিনয় কৰিছে অৰূপ বৈশ্য আৰু “ক’ল গাৰ্ল” চৰিত্ৰত অভিনয় কৰিছে জুপিতৰা ভূঞাই। ইয়াৰ বাহিৰেও বোলছবিখনত অভিনয় কৰিছে ৰুণু দেৱীয়ে। সংগীত পৰিচালনা তৰালী শৰ্মাৰ।

ইউটিউবত উপলব্ধ ছবিখন আপোনালোকেও এবাৰ চাব পাৰে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *