Spread the love

জীৱনৰ দুখ-সুখ, হাঁহি-কান্দোনক লৈ নিৰ্মিত অৰিন্দম বৰুৱাৰ “পানীচকৰি”-

লক-ডাউনৰ সময়ৰে পৰা অসমীয়া চুটি ছবি ক্ষেত্ৰত এক সুন্দৰ তথা উজ্জ্বল ধাৰাৰ সৃষ্টি হৈছিল। সেই ধাৰা বৰ্তমান সময়লৈকে অব্যাহত আছে। আমি কেতিয়াও নভবা অথবা অইনক জনাবলৈ নিবিচৰা বিভিন্ন বিষয়বস্তুক লৈ চুটি ছবিসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছিল। এক উন্নত মানদণ্ডৰ কাহিনীৰে জনসাধাৰণক আপ্লুত কৰাৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ পৰিচালক সকলে নিজৰ দায়বদ্ধতা অটুট ৰাখিছে।

আমি আজি আপোনালোকক জনাবলৈ বিচৰা চুটি ছবিখনৰ নাম হৈছে “পানীচকৰি”। বহুকেইখন চুটি ছবিৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা দখল কৰিবলৈ সক্ষম হোৱা অৰিন্দম বৰুৱাৰ উক্ত চুটি ছবিখনৰ বাজেটৰ পৰিমাণ যদিও কম ইয়াৰ বিষয়বস্তু সাৱলীল তথা বাস্তৱিক। উজনি অসমৰ এটা পৰিয়ালৰ জীৱন ধাৰণ প্ৰণালী, তেওঁলোকৰ দুখ-সুখ, হাঁহি-কান্দোন তথা কথন শৈলী ইত্যাদিক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন। ছবিখনৰ কাহিনী লিখিছে কেচিপ্ৰা কল্প গগৈয়ে লগতে চিত্ৰনাট্য ৰীতা ভূঞা বৰুৱা, ইন্দ্ৰনীল গায়ন আৰু অৰিন্দম বৰুৱাৰ। সংলাপ ৰীতা ভূঞা বৰুৱাৰ আৰু চিনেমেটোগ্ৰাফী কৰিছে অন্তৰীক বৰবৰাই।

আনহাতে, ছবিখনত অভিনয় কৰিছে ক্ৰমে বিমল চেতিয়া, দীপামণি চেতিয়া, মিনাক্ষী চেতিয়া, দিম্পল বৰুৱা, প্ৰণামিকা চেতিয়া, বিনোদ বৰুৱা, কুমিলা গান্ধীয়া, আমৈয়া বৰুৱা, ঘাণীন বৰুৱা আৰু লভিত বৰুৱাকে আদি কৰি আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। আপোনালোকক জনাবলৈ পাৰি সুখী হৈছোঁ যে,অৰিন্দম বৰুৱা “প্ৰত্যুষ” শীৰ্ষক চুটি ছবিখনে ৩২ টাতকৈ বিভিন্নটা ছবি সমাৰোহত অধিক বঁটা লাভ কৰিছে।

© Jollywood Now


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *