Spread the love

চলিত বৰ্ষৰ ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ লগতে বিহু মঞ্চ সমূহত অংগৰাগ পাপন মহন্তক দেখিবলৈ নাপাই বহু অনুৰাগীৰ হয়টো দুখ লাগিছিল। নহয়নে বাৰু? অৱশ্যে এয়া একেবাৰে নুই কৰিব নোৱাৰি যে পাপনে যেতিয়া বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহে তেওঁ সমগ্ৰ দৰ্শকক প্ৰতিটো মুহূৰ্তত মনোৰঞ্জন প্ৰদান কৰে। তেওঁৰ গীত সমূহৰ লগতে তেওঁৰ ব্যক্তিত্বই সকলো জনসাধাৰণক যে মুহি নিব পাৰে সেয়া ক’লেও অতিৰঞ্জিত নহ’ব। অসমৰ সুযোগ্য সন্তান অংগৰাগ কেৱল অসমতেই নহয়, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমানেই জনপ্ৰিয়। তেওঁৰ অনুৰাগীৰ শাৰীটো অসমতেই সীমাবদ্ধ নাথাকি বিয়পি আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো।

২০০৫ চনত মুক্তিপ্ৰাপ্ত এলবাম “জোনাকী ৰাতি” ৰে অংগৰাগ পাপন মহন্তই নিজ সাংগীতিক কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছতে, অংগৰাগৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “চিনাকী অচিনাকী” য়ে তেওঁক জনসাধাৰণৰ হৃদয়ত এক সুকীয়া স্থান ল’বলৈ সক্ষম কৰোৱায়। আজি এটি ছ’চিয়েল মিডিয়া পোষ্টে শিল্পী গৰাকীৰ অনুৰাগী সকলক উৎসাহিত কৰি তুলিছে। হিন্দী সংগীত ক্ষেত্ৰত পুনৰ বাৰ পাপনৰ কণ্ঠৰে হয়টো মুক্তি লাভ কৰিব এটি গীত। হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় সংগীতশিল্পী প্ৰীতমৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি পাপনে নিজেই এই কথা ব্যক্ত কৰে । আজিৰে পৰা প্ৰায় ১২ বছৰ পূৰ্বে প্ৰীতমেই পাপনক এটি সুন্দৰ হিন্দী ৰোমাণ্টিক গীত “Jiyein Kyun” ত কণ্ঠদান কৰিবলৈ সুবিধা দিছিল।

সন্ধিয়াৰ আড্ডাৰ সৈতে প্ৰীতমক লগ কৰি অংগৰাগ পাপন মহন্তই তেওঁৰ আহিবলগীয়া প্ৰকল্পটোৰ বিষয়ে জনসাধাৰণক জানিবলৈ দিছে। তেওঁলৈ অশেষ শুভকামনা…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *