Spread the love

“অ’ লালৈ তোমাৰে…”

জিলিকিছে আমাৰ বিহু জিলিকিছে বিদেশত…

অংগৰাগ পাপন মহন্ত… সদায় ব্যতিক্ৰম আৰু সদায় অনন্য। সামাজিক মাধ্যমত বৰ্তমান সময়ত চলি থকা বিশেষ প্ৰসংগটো হৈছে অংগৰাগ পাপন মহন্তৰ “আফ্ৰ-বিহু”। বিশ্ব দৰবাৰত অসমীয়া জাতিৰ প্ৰাণস্পন্দন বিহুকে ধৰি আন বিভিন্ন কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত পাপনে কৰা প্ৰয়াস আমি বহুবাৰ দেখিছোঁ, যিবোৰ সঁচাকৈ আদৰণীয় তথা শলাগিবলগীয়া। বৈচিত্ৰ্যময় সংগীতত কণ্ঠ নিগৰোৱাৰ লগতে স্বতন্ত্ৰ ট্ৰেকৰ বাবে পৰিচিত জনপ্ৰিয় সাংগীতিক যুটি ছেলিম-ছুলেমানৰ এলবাম “ভূমি-২০২৩” ৰ বাবে দক্ষিণ আফ্ৰিকাৰ নিনিওলা নামৰ কণ্ঠশিল্পী গৰাকীৰ সৈতে “লালৈ” শীৰ্ষক গীতটোত কণ্ঠদান কৰে পাপনে।

বিগত ২৫ অক্টোবৰত মুক্তিপ্ৰাপ্ত গীতটোৱে যথেষ্ট সমাদৰ বুটলিছে সৰ্বত্ৰে। পোনপ্ৰথমবাৰৰ বাবে এই গীতটো বাজি উঠিছিল নিউয়ৰ্কৰ টাইম স্কোৱাৰতো। ইয়াৰ পূৰ্বেও পাপনে “ক’ক ষ্টুডিঅ’ ত টোকাৰী গীত পৰিৱেশন কৰি আমাৰ জাতিটোৰ সমৃদ্ধশালী সংস্কৃতিক সকলোৰে আগত চিনাকী কৰোৱাৰ সমান্তৰালকৈ অসমৰ প্ৰতিগৰাকী ব্যক্তিক গৌৰৱান্বিত কৰি তুলিছিল। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন জনে পাপনৰ এই প্ৰচেষ্টাক শলাগে আৰু প্ৰশংসা কৰে।

আমিও পাপনলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁ এনেদৰে আগবাঢ়ি যাওক আমি তাকে কামনা কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *