Spread the love

কেনে আছা তুমি? অংগৰাগৰ ৰোমাণ্টিক গীত-

অংগৰাগ পাপন মহন্তৰ ৰোমাণ্টিক গীত বুলি ক’লে আৰু শ্ৰোতাগণক আন মধুৰ অনুভৱৰ জানো প্ৰয়োজন আছে? সঁচাকৈ নাই…কাৰণ তেওঁৰ কণ্ঠই ৰোমাণ্টিক গীতক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। শেহতীয়াকৈ তেওঁৰ কণ্ঠৰে মুক্তি লাভ কৰিছে “কেনে আছা তুমি?”। পল প্ৰডাকচনে দুটিকৈ জনপ্ৰিয় গীত ক্ৰমে “নাচনী ঐ” আৰু “ঐনিতম” অসমীয়া শ্ৰোতাগণক উপহাৰ দিয়াৰ পিছতেই তেওঁলোকৰ ফালৰ পৰা তৃতীয়টো গীত মুক্তি পাইছে।

গীতটোক উপভোগ্য কৰি তোলাৰ ক্ষেত্ৰত চাৰিগৰাকী প্ৰতিভা জড়িত হৈ আছে। গীতটো লিখিছে ৰাহুল গৌতম শৰ্মাই লগতে ইয়াত সুৰ কৰিছে সান্নিধ্য ভূঞাই আৰু সংগীত ব্যৱস্থাপনাৰ দায়িত্বত আছে Arslan ৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে ৰাজনীশ শইকীয়াই। যি সংগীত শুনি আপুনি প্ৰশান্তি আৰু সুখী হ’ব পাৰে, তেনে এটি গীত হৈছে “কেনে আছা তুমি?”। গীতটো অডিঅ’ প্লেটফৰ্মবোৰৰ লগতে ইউটিউবতো উপলব্ধ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *