Spread the love

26thNationalYouthFestival ৰ কনচাৰ্টত অংগৰাগ পাপন মহন্তৰ চমকঃ তেওঁৰ সমস্বৰে গীতত কণ্ঠ নিগৰালে শ্ৰোতাইও-

অসমীয়া সংগীত ক্ষেত্ৰৰ লগতে বলীউডৰ সংগীত জগততো সমানেই জনপ্ৰিয়তা অব্যাহত ৰখা অংগৰাগ পাপন মহন্তৰ শেহতীয়া এটি ভিডিঅ’য়ে বহুল চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ছ’চিয়েল মিডিয়াত। কৰ্ণাটকত অনুষ্ঠিত #26thNationalYouthFestival ত অংগৰাগ পাপন মহন্তই পৰিৱেশন কৰা গীতৰ শৰাইয়ে তাত উপস্থিত থকা শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। বলীউডত বহুলভাৱে সমাদৃত “মৌহ মৌহ কে ধাগে” গীতটিত কণ্ঠশিল্পীগৰাকীৰ লগতেই গীত পৰিৱেশন কৰে তেওঁৰ অনুৰাগী সকলেও। আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি অসমৰ লোক সংগীতক ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰাত অংগৰাগৰ প্ৰতিভা সঁচাকৈ প্ৰশংসনীয়। তেওঁৰ প্ৰথমটো এলবামৰ পৰাই অংগৰাগৰ কণ্ঠক আঁকোৱালি লৈছিল শ্ৰোতাই। “মন মোৰ উৰি যায়” কে আৰম্ভ কৰি তেওঁৰ প্ৰথমটো এলবামৰ প্ৰায় প্ৰতিটো গীতৰ কথা, সুৰ আৰু গায়কীৰ প্ৰশংসা আজিপৰ্যন্ত সচেতন মহলত চলি আহিছে। ১৯৭৫ চনৰ ২৪ নৱেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰা পাপন “ইষ্ট ইণ্ডিয়া কোম্পানী” নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী আছিল।

Video Courtesy: Papon

তেওঁৰ ইষ্ট ইণ্ডিয়া কোম্পানী বেণ্ডৰ আন সদস্যৰ সৈতে এম টিভিৰ সংগীতানুষ্ঠান “ক’ক ষ্টুডিঅ’”ৰ তিনিটা সংস্কৰণত গীত পৰিৱেশন কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অসমীয়াৰ লগতে হিন্দী তথা বঙালী, তামিল, কানাড়া আদি ভাষাতো পাপনে সুমধুৰ কণ্ঠ নিগৰাইছে। গায়কীত নিজ স্বকীয় মহিমাৰে মহিমামণ্ডিত অংগৰাগ পাপন মহন্তই ভাৰতীয় শাস্ত্ৰীয় আৰু লোক সংগীতেৰে সংগীতৰ প্ৰাৰম্ভিক শিক্ষাৰ আৰম্ভণি ঘটাইছিল৷ উল্লেখ্য যে, পাপনে প্ৰথমে খোল আৰু তবলা বজাবলৈ শিকিছিল আৰু পৰৱৰ্তী সময়ত লাহে লাহে গীটাৰ, কী-বৰ্ড আৰু হাৰমনিয়ামতো নিজ ইচ্ছা প্ৰকাশ কৰিছিল।

অংগৰাগৰ আহিবলগীয়া প্ৰকল্প সমূহক লৈ প্ৰতিটো সময়ত উৎসাহিত হৈ থাকে তেওঁৰ অনুৰাগী সকল। তেওঁক অনাগত দিনৰ বাবে Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ অলেখ অযুত শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *