Spread the love

“সকলো মানুহৰ ভিতৰতে একোজনকৈ পিশাচ লুকাই থাকে। সেই পিশাচক কিছুমানে দমন কৰে, কিছুমানে নোৱাৰে।”- পিশাচ

আমাৰ মনৰ মাজত বহুত কথা চলি থাকে। কিছুমান পজিটিভ, কিছুমান নিগেটিভ। পজিটিভ বোৰে আমাক সৎ পথত আগুৱাই নিয়াত সহায় কৰে আৰু এই নিগেটিভ চিন্তাধাৰাই আমাৰ লগতে আমাৰ চাৰিওফালৰ পৰিৱেশটোতো প্ৰভাৱে পেলায়। এই নিগেটিভ চিন্তাটো একপ্ৰকাৰ “পিশাচ”, যিয়ে ক্ৰমশঃ আমাৰ মন-মগজু গ্ৰাস কৰে। এয়া এখন নতুন-এটা নতুন বিষয়বস্তু। কিছুদিনৰে পৰা সামাজিক মাধ্যমত “পিশাচ” বিষয়টোক লৈ পূৰ্ণগতিত চৰ্চা চলিছিল। সংবাদ মাধ্যমতো বিষয়টোৱে বহু দৰ্শকক আকৰ্ষিত কৰিলে। অৱশ্যে, এই “পিশাচ” হৈছে এখন অসমীয়া ছবিৰ নাম।

আগন্তুক ২০২৪ চনৰ ভিতৰত পূৰ্ণদৈৰ্ঘ্যৰ এই ছবিখন উপভোগ কৰিব পাৰিব দৰ্শকে। গতিকে, কোন কেতিয়া “পিশাচ” হৈ আপোনাৰ জীৱনলৈ আহিব পাৰে অথবা আপোনাৰ তাত থকা “পিশাচ” টোৱে নে আপোনাক ধ্বংশ কৰিব পাৰে সেয়া আমি এই থ্ৰীলাৰধৰ্মী ছবিখনৰ জৰিয়তে জানিব পাৰিম। আপোনালোকে বহু চুটি ছবি তথা ৱেব চিৰিজৰ সৈতে জড়িত হৈ থকা “ফায়াৰফ্লাই ফিল্মছ” ৰ নাম শুনিছে নিশ্চয়! এইবাৰ ইয়ে প্ৰযোজনা কৰিব উক্ত ছবিখন। ইয়াৰ ৰচনা আৰু পৰিচালনাৰ দায়িত্বত আছে অমিত ৰাগ। ছবিখনৰ সহঃ পৰিচালক মৃণাল ডেকা, দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই। আনহাতে, শব্দৰ দায়িত্বত আছে মুম্বাইস্থিত অসম সন্তান তথা জনপ্ৰিয় চাউণ্ড ইঞ্জিনিয়াৰ কিংশোক মৰাণ আৰু ৰং কৰিছে ৰতন শীল শৰ্মাই তথা সম্পাদনা কৰিছে হাৰ্ডিক কাশ্যপে।

লগতে, ছবিখনত অভিনয় কৰিছে ক্ৰমে নিৰুপম শ‌ইকীয়া, অচিন্ত ৰাজ কাশ্যপ, জেনেট বে, ত্ৰিবেণী গগৈ, চিমি ৰিয়াণ, মিণ্টু বৰুৱা , ৰূপম বৰুৱা আৰু শশাংক সমীৰৰ লগতে আন বহুতো ন-পুৰণি শিল্পীয়ে। ছবিখনৰ সৈতে জড়িত আটাইকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ছবিখন সফলকাম হৈ উঠক তাকে কামনা কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *