Spread the love

ভোগালীৰ মাজতেই দীপলিনা ডেকাৰ অনুৰাগীলৈ সুখবৰঃ কিন্তু কি এই সুখবৰ, জানো চোন আহকঃ

পোনপ্ৰথমে, আপোলোক আটাইকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগৰ উৎসৱ ভোগালীৰ এই পবিত্ৰ ক্ষণে সমাজলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সম্প্ৰীতিৰ বতৰা তাৰেই কামনা কৰিছোঁ। এই উৎসৱৰ মুহূৰ্তত অসমৰ প্ৰতিগৰাকী ব্যক্তি ব্যস্ত হৈ পৰিছে নিজ পৰিয়ালৰ সৈতে এসাঁজ প্ৰীতি ভোজ খোৱাত তথা পিঠা-পনা বনাই এক সুন্দৰ সময় কটোৱাত। এইখিনিতে, আপোনালোকলৈ লৈ আনিছোঁ আমি এক নতুন খবৰ। কণ্ঠশিল্পী দীপলিনা ডেকা সাজু হৈ উঠিছে এটি নতুন গীতৰ সৈতে। গীতটিৰ নাম “জিদ্দী কাঞ্চা”। গীতটিৰ ভিডিঅ’ শ্বুটিঙত ব্যস্ত কণ্ঠশিল্পী গৰাকীয়ে শেহতীয়াকৈ গীতটিৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতেই ছ’চিয়েল মিডিয়াত অনুৰাগী সকল উৎসাহিত হৈ উঠিছে। “জিদ্দী কাঞ্চা” ৰ “Hook Step” টোত দীপলিনাৰ বহু অনুৰাগীয়ে ৰীলচ তৈয়াৰ কৰি গীতটিৰ বাবে কৰি থকা অপেক্ষাৰ প্ৰমাণ দিছে। দীপলিনা ডেকাৰ প্ৰায় প্ৰতিটো গীতেই জনপ্ৰিয়, সেই কথা আমি নুই কৰিব নোৱাৰোঁ। তেওঁৰ অনুৰাগীৰ দীঘলীয়া শাৰীটোত থকা প্ৰতিগৰাকী ব্যক্তিয়ে দীপলিনা ডেকাৰ আগন্তুক প্ৰকল্প সমূহক লৈ উৎকণ্ঠা প্ৰকাশ কৰি আহিছে।

১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা দীপলিনাৰ সাংস্কৃতিক ক্ষেত্ৰৰ এই যাত্ৰা সঁচাকৈ প্ৰশংসনীয়। নিজ ইঞ্জিনিয়াৰিং প্ৰবৃত্তি বাদ দি সাংস্কৃতিক জগতত সোমাই পৰিছিল তেওঁ। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি প্ৰাপ্ত “নোৱাৰি নোৱাৰি” গীতটিৰ দ্বাৰা কন্ঠশিল্পী ৰূপে নিজ কেৰিয়াৰ আৰম্ভ কৰা দীপলিনাৰ সৈতে উক্ত গীতটিত কন্ঠদান কৰিছিল তৰুণ তন্ময়ে। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ “মিছন ছাইনা” ছবিখনৰ এগৰাকী অভিনেত্ৰী ৰূপে আত্মপ্ৰকাশ কৰিছিল দীপলিনাই। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া দীপলিনাই পিছলৈ হায়াৰী ছেকেণ্ডাৰী পৰীক্ষা দিয়ে শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা। এগৰাকী কথক ডেন্সাৰ হোৱাৰ উপৰিও এই গৰাকী কণ্ঠশিল্পীয়ে ক্লাছিকেল মিউজিকত বিষাৰদ ডিগ্ৰী লাভ কৰিছে।

কণ্ঠৰ সমান্তৰালকৈ হৃদয়ৰ কোমলতাইও তেওঁক ৰাইজৰ কাষ চপোৱাত সক্ষম কৰি তোলে। দীপলিনা ডেকাৰ আহিবলগীয়া “জিদ্দী কাঞ্চা” ৰ বাবে Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *