Spread the love

“বিদুৰভাই” ৰ চলিছে শ্বুটিং, আমোদ দিবলৈ আহিব চলিত বৰ্ষতেই-

“বিদুৰভাই” ৱেব চিৰিজখনৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে? আৰে… আমিওনো কি প্ৰশ্ন কৰিছোঁ! যিখন ৱেব চিৰিজে দৰ্শকক হহুঁৱাই হহুঁৱাই সমাজখনৰ মধ্যবিত্ত লোকৰ জীৱনাবৃত্তিৰ সৈতে চিনাকী কৰোৱাই দিছিল, সেই ৱেব চিৰিজখনো মনত নাথাকিব নে? “বিদুৰভাই” অসমীয়া ৱেব চিৰিজসমূহৰ ভিতৰত এখন শীৰ্ষত থকা চিৰিজ যিখন চাই প্ৰায় সৰুৰ পৰা ডাঙৰলৈকে, ডেকাৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকেই আমোদ পাইছিল।

এইবাৰ এই ৱেব চিৰিজখনেই চলিত বৰ্ষত মুক্তি লাভ কৰিব এখন চিনেমা আকাৰে। হয়, কিছুদিন পূৰ্বে ইয়াৰ বিষয়ে জানিবলৈ দিছিল নিৰ্মাতা গোষ্ঠীয়ে। এতিয়া পূৰ্ণগতিত চলিছে সুব্ৰত কাকতিৰ পৰিচালনাৰে আহিবলগীয়া “বিদুৰভাই” ৰ দৃশ্যগ্ৰহণ প্ৰক্ৰিয়া। এইখন সুব্ৰত কাকতিৰ পৰিচালনাৰে আহিবলগীয়া দ্বিতীয়খন ছবি হ’ব।

এইখিনিতে আপোনালোকে জানিবলৈ পাই সুখী হ’ব যে, সুব্ৰত কাকতিৰ প্ৰথমখন ছবি তথা বিগত বৰ্ষৰ অসমীয়া চুপাৰ হিট ছবি “ৰঘুপতি” য়ে আগন্তুক ১৬ ফেব্ৰুৱাৰী তাৰিখে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া “প্ৰাগ চিনে এৱাৰ্ড” ত ১৭ টা শিতানত মনোনয়ন লাভ কৰিছে। আহিবলগীয়া “বিদুৰভাই” ছবিখনক লৈ এতিয়া দৰ্শকসকল অপেক্ষাৰত।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *