Spread the love

সাংস্কৃতিক ক্ষেত্ৰখনত কিবা এটা কৰাৰ দূৰ্বাৰ হেঁপাহ লৈ গুৱাহাটীলৈ অহা বহু নৱপ্ৰজন্ম আছে। বহুতে আহিয়েই ৰাইজৰ পৰা সমাদৰ-সঁহাৰি লাভ কৰে আৰু বহুতেই দীৰ্ঘদিনীয়া এক সংগ্ৰামত বৰ্তি থাকি সুবিধা পোৱা মাত্ৰকেই কাষ চাপি যায় ৰাইজৰ। উঠি অহা প্ৰজন্মৰ কণ্ঠশিল্পী সকলৰ মাজত চিনাকী নামটো হৈছে প্ৰবীণ বৰাৰ। “ভালপাব খোজো আকৌ এবাৰ”, “আৱেগে উপচা মন আজি” ইত্যাদি আন কেইবাটাও গীতেৰে নিজৰ কণ্ঠৰ অনুৰাগী কৰি তোলা প্ৰবীণ বৰাক কেইবাবাৰো জুবিন গাৰ্গৰ সৈতে মঞ্চত দেখিবলৈ পাইছে জনসাধাৰণে।

মানুহক প্ৰশান্তি দিব পৰা লগতে বহুতৰ প্লে’লিষ্টত ৰিপিড মোডত চলা গীতসমূহৰ মাজত আপুনি এবাৰলৈ হ’লেও প্ৰবীণ বৰাক পাব। গুৱাহাটীত কিবা কৰাৰ ইচ্ছাৰে অহা প্ৰবীণ বৰাই শেহতীয়াকৈ নিজৰ নতুন তথা প্ৰথম এলবামটোৰ কথা জানিবলৈ দিয়ে ৰাইজক। বহুদিনীয়া পৰিকল্পনাৰ পিছত তেওঁ এই এলবামটো মুক্তি দিয়াৰ সাহস কৰিব পাৰিছে বুলি প্ৰকাশ কৰে। তেওঁৰ এই আহিবলগীয়া এলবামটোৰ নাম হৈছে “ফৰকাল”। এলবামটোৰ প্ৰথমটো গীত “মোৰ উন্মাদ” ক অতিশীঘ্ৰে মুক্তি দিব কণ্ঠশিল্পী গৰাকীয়ে। গীতটিত কথা হীৰক জ্যোতি দাসৰ।

যুৱ কণ্ঠশিল্পী গৰাকীৰ এই প্ৰয়াস-প্ৰচেষ্টাক লৈ আহ্লাদিত হোৱা প্ৰত্যেকেই তেওঁক শুভেচ্ছা জনাইছে। “Jollywood Now” ৰ পৰা আমিও তেখেতলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *