Spread the love

“প্ৰেম”- নামটো শুনিলেই এক আলোড়ণৰ সৃষ্টি হয় হৃদয়ত। এই শব্দটোৰ বহুজনে বিভিন্ন ধৰণে সংজ্ঞা দিয়া স্বত্বেও প্ৰেম কি? বুলি প্ৰশ্ন কৰিলে আমি একাষাৰে উত্তৰ দি বুজাবলৈ অকণমান কষ্ট পাওঁ। প্ৰেম সকলোৰে জীৱনলৈ বাৰে বাৰে আহে ৷কিন্তু প্ৰেম নে ভাললগা তাক প্ৰায় মানুহে পাৰ্থক্য কৰিব নোৱাৰে। প্ৰেমত সকলোৱে পৰে।কেতিয়াবা প্ৰেমে পূৰ্ণতা পায়, কেতিয়াবা অপূৰ্ণ হৈ ৰৈ যায়। তথাপিও পুনৰ এবাৰ নতুন চিন্তাৰে, নতুন আশাৰে প্ৰেমত পৰে সকলো। প্ৰেমৰ গীত সকলোৱে গায়, তাৰ মাজত অসমীয়া দুই এজন কণ্ঠশিল্পীৰ প্ৰেমৰ গীতে জনসাধাৰণক অত্যাধিক আকৰ্ষণ কৰে। শেহতীয়াকৈ প্ৰবীণ বৰাৰ দুটাকৈ প্ৰেমৰ গীত ক্ৰমে “নৈপৰীয়া ওঁঠত” আৰু “আগমণি” য়ে মুক্তি লাভ কৰিছিল।

“নৈপৰীয়া ওঁঠত” শীৰ্ষক গীতটিত প্ৰবীণ বৰাৰ লগতে অৰুন্ধতী ভানুপ্ৰিয়াই যুটীয়াভাৱে কণ্ঠদান কৰিছে। গীতটোৰ সুৰ আৰু কথাৰ দায়িত্বত আছে Demubiad Zorba । সংগীত কৰিছে বজ্ৰপাত মিউজিকে। প্ৰবীণ বৰা আৰু অৰুন্ধতীৰ যুটিটোক যথেষ্ট পচন্দ কৰিছে শ্ৰোতাগণে। আনহাতে, “আগমণি” গীতটিৰ লগত ভিডিঅ’টোৰ কাহিনীভাগ সুন্দৰকৈ ফুটাই তুলিছে পৰিচালক অনুপ্ৰাস দাসে। এইগৰাকী পৰিচালকৰ একো একোটা প্ৰকল্পই মনোৰঞ্জনপ্ৰেমী ৰাইজক যথেষ্ট আমোদ দিবলৈ সক্ষম হৈছে। গীতটোৰ ভিডিঅ’ ত অভিনয় কৰিছে ক্ৰমে নীল তামুলী, জাহ্নৱী বৰা, নিকি হাজৰিকা, অৰুন্ধতী দাস, তুলসী দাস, দীপমণি দাস আৰু শচীন দাসে। গীতটোৰ কথা লিখিছে ত্ৰিথংকৰে। সুৰ ৰিণ্টু শইকীয়া আৰু উজ্জ্বল বৰুৱাৰ।



গীত দুটি মুক্তি লাভৰ কিছুসময় পিছতেই শ্ৰোতা-দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। “নৈপৰীয়া ওঁঠত” আৰু “আগমণি” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *