Spread the love

গুৱাহাটী বিশ্ববিদ্যালয় বুলিলেই বহু শিক্ষাৰ্থীৰ আৱেগ জড়িত হৈ থাকে। ছাত্ৰ জীৱনত প্ৰত্যেকেই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা আৰু শিক্ষানুষ্ঠানখনৰ হোষ্টেলত সময় কটোৱাৰ অভিজ্ঞতা ল’বলৈ বিচাৰে। এই গুৱাহাটী বিশ্ববিদ্যালয়খনৰ ভিতৰ তথা বাহিৰৰ বিভিন্ন ঘটনাক লৈ নিৰ্মাণ কৰা এখন ৱেব চিৰিজৰ ট্ৰেইলাৰটোৱে খলকনি তুলিছে সৰ্বত্ৰে। ৱেব চিৰিজ বোৰক লৈ দৰ্শকৰ ইচ্ছাৰ বহিঃপ্ৰকাশ ঘটা আমি ইতিমধ্যেই দেখি আহিছোঁ। এই ৱেব চিৰিজখনক লৈও যে অধিকাংশই অপেক্ষাৰত, সেয়া চিৰিজখনৰ বহুল প্ৰচাৰেই নিশ্চিত ৰূপত উদঙাই দিছে। এই অসমীয়া ৱেব চিৰিজ খনৰ নাম হৈছে “কৃষ্ণচূড়া.com”। কৃষ্ণচূড়াৰ ঠাই বুলি অভিহিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত নিৰ্মিত এই ৱেব চিৰিজখনৰ পৰিচালনা কৰিছে যুৱ প্ৰজন্মৰ এগৰাকী খুবেই সুদক্ষ পৰিচালক প্ৰণৱ ভৰালীয়ে।

পৰিচালনাৰ সমান্তৰালকৈ চিৰিজখনৰ কাহিনীভাগো তেওঁ লিখিছে নিজেই। যুৱপ্ৰজন্মক চিৰিজখনে যথেষ্ট সংযোগ কৰিব কিয়নো ইয়াত বিশ্ববিদ্যালয়খনৰ প্ৰায় ৪০০০ তকৈও অধিক অভিনেতা-অভিনেত্ৰী অভিনয় কৰিছে। নীলিমা চৌধুৰীৰ দ্বাৰা প্ৰযোজিত চিৰিজ খনত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে কমল লোচন, কুইন শিৱম, প্ৰীতি প্ৰিয়দৰ্শিনী, হিতাৰ্থ বৰাকে আদি কৰি বিভিন্ন জনে। ডিঅ’পি চন্দ্ৰ কুমাৰৰ, সহঃ দৃশ্যগ্ৰহণকাৰী হৈছে জ্ঞান গৌতম। সম্পাদনা আৰু কলা নিৰ্দেশনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ। সহঃ পৰিচালনাৰ দায়িত্ব আছে শান্তনু কলিতা, জিতুল ৰাজবংশী আৰু চিমিয়ে। চিৰিজখনক গ্ৰহণযোগ্য কৰি তোলাৰ হেতু ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকীয়ে অহোপুৰুষাৰ্থ কৰা পৰিলক্ষিত হৈছে।

এনে একোখন ৱেব চিৰিজক লৈ দৰ্শক সমাজ সদায় অপেক্ষাৰত। Jollywood Now ৰ তৰফৰ পৰা ৱেব চিৰিজখনৰ সৈতে জড়িত আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *