মায়ানগৰীত প্ৰতীক্ষা শৰ্মাৰ জনপ্ৰিয়তা, শ্বানৰ সৈতে যুগলবন্দী অসম কন্যাৰ-
আমাৰ অসমৰ নৱপ্ৰজন্ম যেতিয়া মায়ানগৰীত গৈ প্ৰতিষ্ঠা লাভ কৰে তেতিয়া অসমৰ প্ৰত্যেকগৰাকী শ্ৰোতা-দৰ্শকৰ মন গৌৰৱেৰে ভৰি পৰে। অসমখনক প্ৰতিনিধিত্ব কৰি তেওঁলোক আগবাঢ়ি যোৱাৰ কামনাৰে আমি প্ৰত্যেকেই তেওঁলোকক অন্তৰৰ পৰা অশেষ শুভকামনা জ্ঞাপন কৰোঁ। আমি কোৱা এই কথাখিনিৰ জ্বলন্ত উদাহৰণ হৈছে প্ৰতীক্ষা শৰ্মা। প্ৰতীক্ষাৰ কণ্ঠৰ ওপৰত এতিয়া যেন বিশ্বাস দেখুৱাইছে বিভিন্ন জনে। হিন্দী ছবিত কণ্ঠ নিগৰোৱাৰ পিছত এতিয়া প্ৰতীক্ষাৰ নামটো জড়িত হৈ পৰিছে বি-টাউনৰ সুদক্ষ আৰু বহুলভাৱে জনপ্ৰিয় শ্বানৰ লগত।
অলপতে মুক্তিপ্ৰাপ্ত এখন ৱেব চিৰিজত সংযোজিত এটা গীতত যুটীয়াভাৱে কণ্ঠদান কৰিছে শ্বানৰ সৈতে প্ৰতীক্ষাই। এমেজন প্ৰাইমত নামৰ অটিটি প্লেটফৰ্মটোত উপলব্ধ “Flames” ৱেব চিৰিজখনৰ চতুৰ্থ সংস্কৰণটোত আপুনি আমি কোৱা গীতটোক শুনিবলৈ পাব। প্ৰতীক্ষালৈ আমাৰ আন্তৰিক শুভকামনা, এই বিশাল সংগীত ক্ষেত্ৰখনত তেওঁ এনেদৰে দোপকদোপে উন্নতিৰ জখলাডাল বগাই যাওক আমি তাকে কামনা কৰিছোঁ।
প্ৰতীক্ষা আৰু শ্বানৰ গীতটোৰ কিয়দংশ আপোনালোকলৈ আগবঢ়াইছোঁ-