Spread the love

বহু প্ৰত্যাশিত অসমীয়া ছবি “ৰঘুপতি”, কেতিয়ালৈ লাভ কৰিব মুক্তি!

আহিবলগীয়া বহু অসমীয়া ছবিৰ ভিতৰত প্ৰত্যাশিত ছবিখন হৈছে “ৰঘুপতি”। “ৰঘুপতি” ৰ নিৰ্মাণ অৱশ্যে বহুদিনীয়া পৰিকল্পনা, ক’ৰোণাৰ পয়োভৰ তথা বিভিন্ন অভাৱনীয় পৰিস্থিতি সমূহৰ ফলত ছবিখন মুক্তিৰ বাবে সাজু হোৱা নাছিল যদিও চলিত ২০২৩ বৰ্ষত “ৰঘুপতি” আপোনালোকৰ কাষ চাপিব। “ৰঘুপতি” ক লৈ বহুত সপোন জড়িত হৈ আছে অভিনেতা ৰবি শৰ্মাৰ। ৫০ বছৰীয়া জন্মদিনটোত ছবিখনৰ ট্ৰেইলাৰটোক মুকলি কৰি দিয়া হয় ৰাইজৰ মাজত আৰু ৰাইজেও বহুল হাৰত সঁহাৰি জনায় ছবিখনৰ প্ৰতি। দুই কুৰিতকৈও অধিক চিনেমাত সুন্দৰ অভিনয় প্ৰদৰ্শন কৰা ৰবি শৰ্মাই নিজৰ সাঁচতীয়া ধন ব্যয় কৰি হ’লেও অসমীয়া ছবিৰ বাবে জনসাধাৰণৰ হৃদয়ত বৈ থকা আন্তৰিকতাৰ ধাৰাটোক বোৱাই নিয়াৰ প্ৰয়াস কৰিব বুলি কেইবাবাৰো মন্তব্য কৰিছে। সেয়েহে হয়টো ৰবি শৰ্মাৰ প্ৰতি জনসাধাৰণৰ মৰম আৰু হেঁপাহৰ কোনো অন্ত নাই।

লটাছ ক্ৰিয়েটিভ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “ৰঘুপতি” ৰ চিত্ৰনাট্য আৰু পৰিচালনা নৱপ্ৰজন্মৰ প্ৰতিভাৱান চিত্ৰনাট্যকাৰ-পৰিচালক সুব্ৰত কাকতিৰ। প্ৰদীপ দৈমাৰীয়ে চিত্ৰগ্ৰহণ কৰা “ৰঘুপতি” ৰ সহযোগী পৰিচালকৰ দায়িত্বত আছে হেমন্ত গগৈ। সহঃ পৰিচালনা নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়াৰ। এৰিয়েল চিনেমাটোগ্ৰাফী (ড্ৰ’ণ) কৰিছে অৰ্ণৱ হাজৰিকাই আৰু ৰূপসজ্জা বিজেয়েতা পাটগিৰিৰ। সাজ-পাৰ জুৰি কলিতাৰ লগতে প্ৰযোজনা নিয়ন্ত্ৰক মনোজ মিশ্ৰ। মাৰ্কেটিং আৰু প্ৰমোচন শুভ্ৰজিৎ হাজৰিকাৰ। সংগীত কৰিছে প্ৰণয় দত্ত আৰু আৰশ্বদ মাছুদ ৰহমানে। ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে ৰবি শৰ্মা,অৰুণ নাথ,অৰুণ হাজৰিকা, প্ৰীতিকংকনা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী, ৰাজ শৰ্মা আৰু মলয়া গোস্বামীকে ধৰি বহু ন-পুৰণি শিল্পীয়ে।

গুৱাহাটী, গোলাঘাট, বঙাইগাঁও আদি বিভিন্ন ঠাইত চিত্ৰগ্ৰহণ সম্পন্ন হোৱা এই ছবিখনৰ প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মায়ে । “ৰঘুপতি” ৰ মুক্তিৰ তাৰিখৰ এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা নাই হোৱা যদিও এটা কথা নিশ্চিত যে ছবিখনক লৈ অপেক্ষাৰত অসমবাসী।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *