Spread the love

অসমীয়া ছবি চাবলৈ খাপ পিটি বহি থকা সকললৈ আমি সদায় একোটা নতুন আৰু সুখবৰ লৈ আনিছোঁ যদিও আজি আপোনালোকক দুৰ্ভাগ্যবশতঃ দুখবৰহে দিব ওলাইছোঁ। বহুদিনৰে পৰা বহুলভাৱে চৰ্চিত অসমীয়া ছবি “দ্যা শ্লেমবুক” ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে। অহা ৫ মে’ তাৰিখে মুক্তি পাবলগীয়া ছবিখন অহা ৩০ জুন তাৰিখেহে ছবিগৃহত মুক্তি কৰি দিয়া হ’ব বুলি জানিবলৈ দিছে প্ৰযোজনা গোষ্ঠীয়ে। বিশেষ কিছু জৰুৰী অসুবিধাৰ ফলত এই সিদ্ধান্ত ল’বলগীয়া হোৱাত ক্ষমা বিচাৰিছে এন কে প্ৰডাকচন হাউচে। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ লগতে এই ছবিখনত আপোনালোকে দেখিবলৈ পাব বহুকেইখন চিনাকী মুখো। ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰতো পিছপৰি ৰোৱা নাই ইয়াৰ প্ৰযোজনা গোষ্ঠী। আনকি, হাৰ্টথ্ৰৱ জুবিন গাৰ্গেও বহুকেইখন বিহু মঞ্চত ছবিখনৰ গীত গাই প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে।

অৱশ্যে এইক্ষেত্ৰত বৰ বেছি চিন্তাৰ কাৰণ নাই। এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চিৰিজ “জানমণি” উপলব্ধ হৈ আছে ইউটিউবত। চিৰিজখনে ইতিমধ্যে বিভিন্ন জন দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। “জানমণি” ৰ পূৰ্বৰ ভিচিডি সমূহে যেনেদৰে এক জনসমাজত জনপ্ৰিয়তাৰ সৃষ্টি কৰিছিল, তেনে এক সমাদৰ বুটলিবলৈ সক্ষম হৈছে চলিত বৰ্ষত মুক্তিপ্ৰাপ্ত চিৰিজ খনেও। আপোনালোকেও অকণমান সময় যদি মনোৰঞ্জনৰ খোৰাক যোগাবলৈ বিচাৰিছে, তেতিয়াহ’লে উপভোগ কৰক “জানমণি”।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *