অসমীয়া চলচিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ বাইদেউক স্মৃতিদিৱসত “Jollywood Now” ৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
সেইসময়ত, প্ৰথম অসমীয়া বোলছবি “জয়মতী” ৰ বাবে সংবাদপত্ৰত অভিনেত্ৰীৰ বিজ্ঞাপন দিওঁ কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল প্ৰথমগৰাকী অসমীয়া চলচিত্ৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে। পৰৱৰ্তী সময়ত, বহু বিচাৰ খোচাৰ কৰাৰ পাছত ১৬ বছৰীয়া আইদেউক বিচাৰি পাইছিল তেখেতে। তাহানিৰ পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্ধে থিয় হৈ এখন ছবিত অভিনয় কৰাটো সহজ নাছিল যদিও আইদেউ আগবাঢ়ি আহিছিল।
“বঙহৰদেউ” বুলি সম্বোধন কৰাৰ বাবে তেখেতক সমাজৰ পৰা একাষৰীয়া কৰিছিল যদিও আইদেউ কোনোকালেই হাৰি যোৱা নাছিল। তেখেতে নিজৰ দুৰ্দান্ত অভিনয়েৰে অসমীয়া চলচিত্ৰ জগতত বৰ্ণিল যুগৰ সূচনা কৰাৰ উপৰিও নাৰী জাতিটোৰ বাবে সংস্কৃতিৰ পথাৰখনত বাট মুকলি কৰি দিলে। আইদেউৰ ত্যাগ আৰু অৱদান অসমীয়া নাৰী সমাজৰ বাবে সদায় আদৰ্শ হৈ ৰ’ব।