বিজু দা বিহীন ৭ টা বৰ্ষ…
বিজু ফুকন দেৱ- এটা নাম, এক চিৰযুগমীয়া শিল্পীসত্তা। আজি এইগৰাকী শ্ৰদ্ধাৰ শিল্পীক জন্মতিথিত “Jollywood Now” ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
দুৰ্দান্ত অভিনয়েৰে অসমীয়া চলচিত্ৰ প্ৰেমীৰ হৃদয় জিনা বিজু দা আছিল এগৰাকী সুদৰ্শন অভিনেতা, যাক প্ৰত্যেকে আখ্যা দিছিল “মহানায়ক” হিচাবে। “ড° বেজবৰুৱা” ত পোনপ্ৰথমবাৰৰ বাবে তেখেতৰ অভিনয় দেখি প্ৰতিগৰাকী দৰ্শক যে তেখেতৰ অনুৰাগী হৈ পৰিছিল সেয়া হয়টো একাষাৰে কৈ দিলেও বেছি কোৱা নহ’ব।
বিজু দা আমাৰ হৃদয়ত যুগ-যুগান্তৰলৈ সজীৱ হৈ থাকিব। তেখেতৰ অভিনয়ে নৱপ্ৰজন্মক আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰক, আমি তাৰেই কামনা কৰিছোঁ।