অসমৰ সাংস্কৃতিক জগতৰ নক্ষত্ৰ স্বৰূপ তথা একাধাৰে ছবি পৰিচালক, সুৰকাৰ, গায়ক, অভিনেতা, অমৰ-শিল্পী ব্ৰজেন বৰুৱা দেৱক আজি স্মৃতিদিৱসত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতৰ শিল্পীসত্ত্বা তথা সৃষ্টিৰাজিয়ে আমাৰ সাংস্কৃতিক ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। ১৯৪৮ চনৰ পৰা আৰম্ভ হোৱা অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ এগৰাকী কণ্ঠশিল্পী হিচাবে জড়িত হোৱা ব্ৰজেন বৰুৱা দেৱে বহু গায়ক-গায়িকাৰ বাবে গীত ৰচনা কৰি তাত সুৰ দিয়াৰ দায়িত্বত আছিল। সংগীতৰ ক্ষেত্ৰত এক স্বকীয় মহিমাৰে মহিমামণ্ডিত আছিল ব্ৰজেন বৰুৱা দেৱ। তেওঁৰ এই গুণটোক মৰ্মে মৰ্মে উপলব্ধি কৰি বৰুৱা ভাতৃ সকলৰ অন্যতম নিপ বৰুৱা দেৱে তেখেতক “স্মৃতিৰ পৰশ” ছবিখনত সংগীত পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছিল।
ইয়াৰোপৰি, উক্ত ছবিখনত ব্ৰজেন বৰুৱা দেৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। সংগীতৰ ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰাৰ পিছতেই ব্ৰজেন বৰুৱা দেৱে অভিনয় জগততো এক সুকীয়া স্থান লাভ কৰিছিল। এক বিশেষ বৈশিষ্ট্যৰ এজন অভিনেতা হিচাবে পৰিচিত হৈছিল তেখেত জনসমাজত। আমি তেখেতৰ কথা এটা লেখাটে লিখি সামৰি থ’লে আচলতে নহ’ব।
ছবি পৰিচালনাৰ দিশটোতো তেখেতে যি কৰিলে, সেয়া আমাৰ সকলোৰে ওচৰত জলজল-পটপট হৈ আছে। বিশেষভাৱে ড° বেজবৰুৱা, ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন তেখেতৰ অসমীয়া চলচিত্ৰ প্ৰেমীলৈ দিয়া শ্ৰেষ্ঠ উপহাৰ বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবি হিচাবে ব্ৰজেন বৰুৱা দেৱৰ এই ছবিখনে অসমীয়া ছবি উদ্যোগৰ বাণিজ্যিক দিশত নতুন ধাৰাৰ সূচনা কৰিছিল।
তেখেতৰ পুনৰ বাৰ আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।