“শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত”
একক আৰু অদ্বিতীয় হীৰু দাৰ আজি পুণ্যতিথি। বিনম্ৰ স্বভাৱ, বগা চুলি আৰু মিচিকিয়া হাঁহিৰে এজন ইমান সহজ-সৰল ব্যক্তি যাক দেখিলে আপুনি ধৰিব নোৱাৰিব তেওঁৰ কবিতাবোৰ কিমান অৰ্থৱহ! কিমান গভীৰ… ১৯৮৬ চনৰ অসম সাহিত্য সভাৰ বাৱন্নতম অধিবেশনত কবি সন্মিলনৰ সভাপতিৰ চুটি অথচ গভীৰ অৰ্থবহ অভিভাষণখনিত হীৰুদাই কৈছিল, “সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক।..শব্দ কবিৰ অস্ত্ৰ। প্ৰত্যেক কবিৰেই আছে শব্দৰ নিজস্ব ভুৱন।”
শব্দ আৰু ছন্দৰ সুন্দৰ সানমিহলিৰে তেখেতে প্ৰতিটো প্ৰজন্মৰ জনসাধাৰণক নিজ সৃষ্টিৰাজিৰে অনুপ্ৰাণিত কৰি থৈ গৈছে। দুৰন্ত প্ৰতিভাক যেনেকৈ পাহৰিব নোৱাৰি, ঠিক তেনেকৈ হীৰুদাৰ সৃষ্টিকো এৰিব নোৱাৰি। তেখেতৰ কোনটো কবিতাৰ কথা পাতিম, কোনটো নো বাদ দিম! সকলো একেই, হৃদয়স্পৰ্শী।
আশা কৰিছোঁ, এইগৰাকী কবিৰ কবিতাৰে আদৰ্শিত হৈ আগবাঢ়ক নৱপ্ৰজন্ম। হীৰু দাক পুনৰ বাৰ সেৱা জনাইছোঁ।