আজিৰ দিনটোতেই এক সুৰীয়া কণ্ঠক হেৰুৱাইছিলোঁ আমিঃ জংকী বৰঠাকুৰৰ অৱদান চিৰদিন চিৰস্মৰণীয়-
“আঁউসীৰ জোন মোৰ সমুখতে”… গীতটিৰ সেই সুৰীয়া-সুৱদী কণ্ঠটোলৈ মনত পেলাওক চোন। এক প্ৰশান্তি অনুভৱ কৰা নাযায়নে বাৰু? গীতটিক আজি পৰ্যন্ত শ্ৰোতাৰ মাজত জনপ্ৰিয় কৰি ৰখা কণ্ঠশিল্পী গৰাকী হৈছে জংকী বৰঠাকুৰ। তেওঁ আমাৰ মাজত নাই যদিও অতি কম দিনৰ ভিতৰত সংগীত ক্ষেত্ৰলৈ বহু সুন্দৰ গীতৰ উপহাৰ দি থৈ গৈছে। আজি তেওঁৰ মৃত্যু বাৰ্ষিকী। দাদায়েক জুবিন গাৰ্গৰ সৈতে জীৱিত অৱস্থাত প্ৰায়ে জংকীক মঞ্চত পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছিল। ভাতৃ-ভগ্নীৰ যুটিটোৱে আকৰ্ষণো কৰিছিল সকলোকে। কিন্তু ফুলি উঠা ফুলপাহ যেন হঠাৎ মৰহি গৈছিল, এক অমানিশাই কাঢ়ি নিছিল জংকী বৰঠাকুৰক। তেওঁৰ সহ-শিল্পীসকলৰ সৈতে মঞ্চ প্ৰদৰ্শনী প্ৰদৰ্শন কৰিবলৈ তেজপুৰলৈ লৈ গৈ থকা সময়ত এক দুৰ্ঘটনাৰ মুখামুখি হয় আৰু অৱশেষত মৃত্যুক সাৱটিবলগীয়াত পৰে। ২০০২ চনত সংঘটিত এই ঘটনাটোৰ পিছত জুবিন গাৰ্গে তেওঁৰ ভগ্নীৰ স্মৃতিত “শিশু” এলবামটো মুকলি কৰে।
১৯৯৬ চনত “উজানৰ পিৰিটি” নামে এলবামটিৰ পৰা সংগীত জগতত আত্মপ্ৰকাশ কৰা জংকী বৰঠাকুৰে জুবিন গাৰ্গৰ সৈতে “মুক্তি”, “চান্দা”, “ৰাংঢালী”, “স্পৰ্শ” আদিকে ধৰি ৪০০ ৰো অধিক গীতত কণ্ঠদান কৰিছিল। ১৯৭৬ চনৰ ৩০ ছেপ্টেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰা জংকী আছিল সংগীত ক্ষেত্ৰৰ এক নক্ষত্ৰ স্বৰূপ। তেওঁৰ মৃত্যু আছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। জংকী বৰঠাকুৰক Jollywood Now ৰ তৰফৰ জনাইছোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি…