যাদুকৰী কণ্ঠৰ আৰু অসমৰ নাইটিংগেল দীপালী বাইদেউলৈ শ্ৰদ্ধা নিবেদন…
জন্মগত প্ৰতিভাৰ সুউচ্চ কণ্ঠৰ অধিকাৰী দীপালী বৰঠাকুৰ বাইদেউৰ স্মৃতিদিৱসত আজি তেখেতক “Jollywood Now” ৰ তৰফৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰিছোঁ।
কণ্ঠত লোকজীৱনৰ সৰলতা আৰু মাধুৰ্য্য কঢ়িয়াই ফুৰা এইগৰাকী মহান শিল্পীয়ে কম সময়ৰ ভিতৰতে আমাক উপহাৰ দি থৈ গৈছে বহুকেইটা চিৰযুগমীয়া গীত। দীপালী বাইদেউ বুলি ক’লেই মনলৈ আহে সেই উজ্জ্বল মুখ খনৰ সৈতে হাঁহিটো আৰু ডাঙৰকৈ লোৱ ৰঙা ফুটটো। এয়া তাহানি দিনৰ কথা, নৱম শ্ৰেণীত থাকোতে আকাশবাণী গুৱাহাটীৰ নিয়মীয়া শিল্পী হৈ পৰা দীপালী বাইদেউৱে প্ৰথমবাৰৰ বাবে গাইছিল-
“অ’ চেনাই মই যাওঁ দেই,
অ’ বিহুতে আহিমগৈ,
তেতিয়া গাই যাম গীত;
অ’ হাঁহিমুখে থাকিবা,
অ’ চকুলো নুটুকিবা,
আইৰে ঐ মনতে,
অ’ বেজাৰেনো নিদিবা;
অ’ চেনাই মই যাওঁ ……..”
ৰেডিঅ’ত অহা গানৰ অনুৰোধত আটাইতকৈ বেছি অনুৰোধ অহা গীতটিয়েই আছিল এইটো। ইয়াৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই তেখেতে। দীপালী বাইদেউ গুচি যোৱাত এটা যুগৰ অৱসান ঘটিছিল যদিও আজি পৰ্যন্ত তেখেতৰ গীতে আমাক সমৃদ্ধ কৰি ৰাখিছে আৰু অনাগত দিনলৈ ৰাখিব।