Spread the love

আদিল হুচেইন- নামেই যাৰ পৰিচয়। তেওঁ নিজৰ অভিনয়ৰ সাজযোৰ বৰ পৰিপাটিকৈ পিন্ধি সকলোকে আকৰ্ষণ কৰি আহিছে। তেখেতৰ অনুৰাগী ক’ত নাই! তেওঁৰ নাম ক’লেই উৎসাহিত হৈ পৰে সকলো। শেহতীয়াকৈ অসম সন্তান আদিল হুচেইনক “Foodprints On Water” নামৰ ছবিখনৰ বাবে “নিউৱৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৩” ৰ শ্ৰেষ্ঠ অভিনেতাৰ তালিকাত মনোনীত কৰা হৈছে। অভিনেতা গৰাকীয়ে নিজেই তেওঁৰ এই সুখবাৰ্তা অনুৰাগী সকলৰ সৈতে শ্বেয়াৰ কৰে। উক্ত “Foodprints On Water” নামৰ ছবিখন নাথালিয়া শ্যামৰ দ্বাৰা পৰিচালিত, বিদেশত ভাৰতীয় পিতৃ এগৰাকীয়ে আৰক্ষীৰ পৰা হাত সাৰি সন্ধানহীন হৈ থকা নিজ কন্যাক বিচাৰি ফুৰা এক কাহিনীক কেন্দ্ৰ কৰিয়েই উক্ত ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে।

বিশ্বজুৰি খ্যাতি অৰ্জন কৰা অসম সন্তান গৰাকীৰ জনপ্ৰিয়তাৰ খতিয়ান দাঙি ধৰাটো অৱশ্যে বৰ সহজ নহয়। বিগত বৰ্ষতো, ফৰ্বছ-এ প্ৰকাশ কৰা বৰ্ষশ্ৰেষ্ঠ অভিনেতাৰ তালিকাত স্থান লাভ কৰিছিল অভিনেতা আদিল হুচেইনে। “দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট” আৰু “লাইফ অৱ পাই” ইত্যাদি ছবিৰে বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰা আদিল হুচেইনে ১৮ বছৰ বয়সত গোৱালপাৰাৰ নিজ ঘৰখনক এৰি দৰ্শন শিক্ষা অধ্যয়নৰ বাবে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। তাতেই তেখেতে নাটকত ব্যংগাত্মক চৰিত্ৰ সমূহত অভিনয় কৰে। কৌতুকগোষ্ঠী “ভায়ামায়া” ত অইন বলীউডৰ অভিনেতা সকলৰ ব্যংগাত্মক চৰিত্ৰত অভিনয় কৰি পৰৱৰ্তী সময়ত তেখেত জড়িত হৈ পৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে। প্ৰায় ৬ বছৰ কাল অসমত বিভিন্ন অভিনয়ৰ প্ৰকল্পত কাম কৰি আদিল হুচেইনে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অধ্যয়নৰ বাবে যায়।

উল্লেখ্য যে, কিছুদিন পূৰ্বে নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত “Toothpari” তো আদিল হুচেইনে যি অভিনয় কৰিছিল, সেয়া আছিল প্ৰশংসনীয়। তেখেতক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *