Spread the love

আগন্তুক নাট্যবৰ্ষৰ বাবে অপেক্ষাৰত হৈ থাকে দৰ্শক সকল। দৰ্শকসকলক আমোদ দিয়াৰ উদ্দেশ্যৰে সাজু হৈ আছে প্ৰতিখন থিয়েটাৰ গোষ্ঠী। ন-উদ্যম আৰু ন-পৰিকল্পনাৰে ৰাইজৰ কাষ চাপিবলৈ প্ৰস্তুতি চলাইছে “থিয়েটাৰ সূৰ্য্য” য়ে। ভ্ৰাম্যমাণ থিয়েটাৰৰ উল্লেখনীয় এক অংগ হৈছে “থিয়েটাৰ সূৰ্য্য”। ২০১৫ চনত সৰ্থেবাৰীত মুনীন্দ্ৰ বৰ্মনৰ প্ৰচেষ্টাত জন্মলাভ কৰা “থিয়েটাৰ সূৰ্য্য” ই ২০২৩-২৪ নাট্যবৰ্ষৰ বাবে কিছু সুকীয়া প্ৰয়াসেৰে আগবাঢ়িছে। এইবৰ্ষত উক্ত থিয়েটাৰৰ মঞ্চায়ন হ’বলগীয়া নাটসমূহৰ ভিতৰত আছে প্ৰশান্ত মেনাৰ “কাৰাগাৰত কলিজা” অভিজিত ভট্টাচাৰ্যৰ দুখন নাটক ক্ৰমে “মোৰ কেঁচুৱাই কান্দিছে” আৰু “ফুলশয্যাত জুই”। নাটসমূহত অভিনয় কৰিছে ক্ৰমে মৃদুল ভূঞা, পল্লৱী ফুকন, নৱজ্যোতি কাশ্যপ, মৌচুমী লস্কৰ, গৌৰাংগ শৰ্মা (আলু), জয়ন্ত শৰ্মা, ৰাতুল ভূঞা, দীপাংকৰ তালুকদাৰ, অমৰেন্দ্ৰ অলম্যান, ভৈৰৱ জ্যোতি ভূঞাৰ লগতে আন বহুতো কলা-কুশলীয়ে।

মুনীন্দ্ৰ বৰ্মনৰ বলিষ্ঠ প্ৰযোজনা-পৰিকল্পনা আৰু উত্তম শৰ্মাৰ সম্পাদনাৰে এই “থিয়েটাৰ সূৰ্য”। উল্লেখ্য যে, আৰম্ভণিতে অৰ্থাৎ ২০১৫-১৬ বৰ্ষত অভিনীত নাট্যদলটোৰ প্ৰধান অভিনেতা-অভিনেত্ৰী সকল আছিল ক্ৰমে তপন দাস, চিন্ময় কটকী, ৰাজকুমাৰ, দেৱীস্মীতা আৰু ভ্ৰান্তি মেধি। আনহাতে, ২০১৬-১৭ নাট্যবৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছিল জনপ্ৰিয় অভিনেতা যতীন বৰা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *