“মৰমে টানিছে”, “পৰিলো তোমাৰ প্ৰেমত”, “বাৰিষাৰে বৰষুণ” তথা “ধেৎ তেৰি” ইত্যাদি বিভিন্নটা জনপ্ৰিয় গীতেৰে শ্ৰোতা-দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা ৰিচা ভৰদ্বাজৰ সদ্যমুক্তিপ্ৰাপ্ত গীত “কুঞ্জলতা” য়ে পুনৰ বাৰ শ্ৰোতা-দৰ্শকক আকৰ্ষিত কৰিলে। গীতটি জনপ্ৰিয়তাৰ আঁৰত লুকাই আছে আন এক বিশেষ কথাও। অৱশ্যে গীতটি উপভোগ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে এই বিশেষ কথাটো হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। কিছুদিন পূৰ্বলৈকে এটা বিষয়ৰ প্ৰচাৰ হোৱা হয়টো আপোনালোকেও মন কৰিছে যে সম্প্ৰতি সময়ত কণ্ঠশিল্পী সকলে নিজৰ গীতৰ ভিডিঅ’ ত অভিনেত্ৰী সকলক এৰি ইউটিউবাৰ তথা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা নৱপ্ৰজন্মৰ যুৱক-যুৱতী সকলক প্ৰাধান্য দিছে। ৰিচা ভৰদ্বাজৰ এই গীতটি অৱশ্যে এইক্ষেত্ৰত কিছু ব্যতিক্ৰম।
এই গীতটিৰ ভিডিঅ’ত আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত অতিকৈ জনপ্ৰিয় অভিনেত্ৰী ক্ৰমে নিশিতা গোস্বামী, ৰিম্পী দাস আৰু শ্যামন্তিকা শৰ্মাক আপোনালোকে দেখিবলৈ পাব। ৰঙালী বিহুৰ এই সুন্দৰ ক্ষণত আপুনি যদি কেনেবাকৈ এই অভিনেত্ৰী কেইগৰাকীক মনত পেলাইছে তেতিয়াহ’লে গীতটিত আপুনি স্মৃতি ৰোমন্থন কৰিবলৈ সক্ষম হ’ব। এই গীতটিৰ কথা আৰু সুৰৰ দায়িত্বত আছে দিগন্ত ভাৰতী। সংগীত আৰু শব্দ সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই।বাঁহী বজাইছে নৱজিৎ শইকীয়াই, ঢোল বজাইছে পংকজ বৰা আৰু পেঁপা, গগণা তথা তাল পিতি বৰাৰ। ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ। চিনেমেটোগ্ৰাফী বিতুল দাসৰ আৰু সম্পাদনা কৰিছে মানস কাশ্যপে।
গীতটিয়ে মুক্তিৰ পূৰ্বৰে পৰা আচলতে খলকনিৰ সৃষ্টি কৰিছিল। উক্ত গীতটিত অভিনীত প্ৰতিগৰাকী অভিনেত্ৰীৰ অনুৰাগীৰ শাৰী যথেষ্ট দীঘলীয়া। সেয়েহে, গীতটিয়ে ইউটিউবত মুক্তিৰ পিছতেই যথেষ্ট ভিউৱাৰচ লাভ কৰিছে।