Spread the love

ডিক্টেটিভ-থ্ৰীলাৰধৰ্মী ৱেব চিৰিজ “ৰুদ্ৰনীলঃ উত্তৰপুৰুষ”, কোন দোষী, কোন হত্যাকাৰী!-

অসমীয়া ৱেব চিৰিজে নতুন চিনাকী লাভ কৰিছিল ক’ৰোণা কালছোৱাৰ পৰা। সাম্প্ৰতিক সময়ত অসমীয়া ৱেব চিৰিজ সমূহে দৰ্শকৰ বহুল সমাদৰ লাভ কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ক’ৰোণাৰ বিভীষিকাময় পৰিস্থিতিয়ে ত্ৰাসৰ সৃষ্টি কৰিছিল যদিও বহু উদ্ভাৱনৰ মূল কাৰণ আছিল সেই সময়ছোৱা। শেহতীয়াকৈ এখন নতুন ৱেব চিৰিজ অসমীয়া অটিটি প্লেটফৰ্ম “ৰীলড্ৰামা” ত মুক্তি লাভ কৰিছে। মুক্তিৰ পূৰ্বৰ পৰাই ৱেব চিৰিজখনৰ যথেষ্ট হাৰত চৰ্চা চলিছিল ছ’চিয়েল মিডিয়াত। ৱেব চিৰিজখনৰ নাম “ৰুদ্ৰনীলঃ উত্তৰপুৰুষ”। ডিক্টেটিভ-থ্ৰীলাৰধৰ্মী এই ৱেব চিৰিজখনৰ পৰিচালনা কৰিছিল অনুপম কৌশিক বৰাৰ। পৰিচালক গৰাকী সকলোৰে চিনাকী, “বৰনদী ভটিয়ায়” ছবিখনৰ জৰিয়তে অসমীয়া চলচিত্ৰপ্ৰেমী দৰ্শকক দীৰ্ঘদিনীয়া বিৰতিৰ পিছত ছবিগৃহলৈ টানি অনা ব্যক্তিগৰাকীয়ে আছিল অনুপম কৌশিক বৰা।

“ৰুদ্ৰনীলঃ উত্তৰপুৰুষ” কাহিনী আগবাঢ়ে এটি হত্যাকাণ্ডৰ ৰহস্যৰ উদঘাটনক কেন্দ্ৰ কৰি। জনপ্ৰিয় ব্যৱসায়ী পদ্মলোচন বৰুৱাৰ হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হয়। কিন্তু, এয়া এক সহজ মৃত্যু নহয়। ডিক্টেটিভ ৰুদ্ৰ বৰুৱাই ব্যৱসায়ী পদ্মলোচন বৰুৱাৰ মৃত্যুৰ আঁৰৰ ৰহস্য জানিবলৈ তেওঁৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক সন্দেহৰ চকুৰে চাবলৈ লয়। ৰুদ্ৰ বৰুৱাই যিমানেই ৰহস্যৰ গাঁঠি এডাল এডালকৈ খুলিবলৈ লয়, সিমানেই চিৰিজখনৰ কাহিনীভাগ আগবাঢ়ে। দৰ্শকে এক দীঘলীয়া সময়ৰ পিছত তপন দাসক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পাব। ইয়াৰোপৰি, “ৰুদ্ৰনীলঃ উত্তৰপুৰুষ” ত বিভূতি ভূষণ হাজৰিকা, নিতালী দাস, দীক্ষা খাউণ্ড, মনোজ বৰকটকী, হিমাংশু গগৈ, সৃষ্টি শৰ্মা, বিপ্লব বৰকাকতি, মিণ্টু বৰুৱা, পৰীক্ষিত তামুলীৰ পৰিচালক অনুপম কৌশিক বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

লগতে,কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাৰ দ্বাৰা প্ৰযোজিত ৱেব ছিৰিজখনৰ কাহিনী তথা চিত্ৰনাট্য অনুপম কৌশিক বৰাৰ আৰু সম্পাদনা সীমান্ত দাসৰ। সংগীত কৰিছে সিদ্ধান্ত সাগৰে, দৃশ্যগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ আৰু শব্দসজ্জা বলেন পাঠকৰ। ৰূপ সজ্জা নিৰ্মালী কাশ্যপৰ আনহাতে সাজ সজ্জা স্তুতি জ্যোৎস্নাৰ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *