Spread the love

“নিশিগন্ধা ভাগে তন্দ্ৰা
মন আকাশত মধু চন্দ্ৰা
মনৰে আউসী জোনাকে বিনাসী
পোহৰেৰে মেলা পাতে…”


এটা গীত যেতিয়া আপুনি সামাজিক মাধ্যমৰ প্ৰতিটো প্ৰফাইলতেই শুনিবলৈ পাব, তেতিয়া সেই সময়তে একপ্ৰকাৰ নিশ্চিত হৈ উঠে গীতটিৰ জনপ্ৰিয়তা। জুবিন গাৰ্গ… জুবিন গাৰ্গ সম্পৰ্কে বিভিন্ন জনে বিভিন্ন সময়ত বহু কথা কয়। তেওঁ এগৰাকী শিল্পী হিচাবেই হওক অথবা তেওঁৰ ব্যক্তিত্বই হওক, তেওঁ অসমবাসীৰ বহু জনসাধাৰণৰ বাবে তথা উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰাটো বহু লোকৰ বাবে সপোন স্বৰূপ। গীতত কণ্ঠদান কৰাটো বহু দূৰৰে কথা, তেওঁৰ সমুখত এটা গীত গুণগুণাই দিয়াটোৱে বহু ডাঙৰ কথা বিভিন্ন জনৰ বাবে। অৱশ্যে এই ক্ষেত্ৰত জুবিন গাৰ্গ সদায় সক্ৰিয়।

নৱপ্ৰজন্মৰ গায়ক-গায়িকা সকলক উৎসাহ প্ৰদান কৰাৰ লগতে তেওঁলোকক বাট দেখুৱাই দিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গ সদায় থিয় হৈ থকা পৰিলক্ষিত হয়। কিছুদিন পূৰ্বে, এই নৱপ্ৰজন্মক আগবঢ়াই নিয়াৰ স্বাৰ্থত তেখেতে “শ্ৰেষ্ঠ কণ্ঠশিল্পী” ৰ বঁটা লাভ কৰাৰ সময়তো কৈছিল যে বৰ্তমানলৈকে তেওঁ বহুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ লাভ কৰিছে। এয়া সময় নৱপ্ৰজন্মক প্ৰদান কৰাৰ। তেওঁ আচলতে অধিক প্ৰিয় হৈ পৰে এইবোৰ কাৰণতে। “বাঁহী” নামৰ এপটোত সদ্যমুক্তিপ্ৰাপ্ত “নিশিগন্ধা” গীতটিত সান্নিধ্য ভূঞাৰ প্ৰশংসা নকৰিলে নহ’ব। ইতিমধ্যে কেইবাটাও সুন্দৰ গীতৰ উপহাৰ দিয়া সান্নিধ্যৰ এই গীতটিও এটি “মাষ্টাৰপিছ” বুলি ক’লে হয়টো অতিৰঞ্জিত নহ’ব।

গীতটিয়ে সাধাৰণ ৰাইজক বুলিয়ে নহয়, মন্ত্ৰমুগ্ধ কৰি তুলিছে বহু অভিনেতা- অভিনেত্ৰীকো। বৰ্ষাৰাণী বিষয়াই শেহতীয়াকৈ গীতটিত নৃত্য কৰি ৰাইজৰ সমুখত প্ৰচাৰ কৰে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *