“চাৰি চকা চলিলেহে”- এই যে খলকনি তোলে বা নজিৰ সৃষ্টি হয়। এনেকুৱা কেতিয়া হয় বাৰু? আপোনাক উদাহৰণ হিচাবে এই গানটোৰ কথাই কৈছোঁ বাৰু। আগন্তুক অসমীয়া ছবি “ৰাঘৱ” ৰ প্ৰথমটো গীত “চাৰি চকা চলিলেহে” মুক্তি লাভৰ পিছতেই সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি হৈছে। ছবিখনৰ টিজাৰ মুক্তিৰ দিনাই যতীন বৰাই কৈছিল যে অসমীয়া তথা হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত ইয়াৰ পূৰ্বে বাবা বিশ্বকৰ্মাক লৈ কোনোধৰণৰ গীতৰ সৃষ্টি নাই হোৱা, এয়াই প্ৰথম। গতিকে, গীতটিয়ে এনেদৰে সমাদৰ লাভ কৰাটো একেবাৰে নিশ্চিত কথা।
গীতটিৰ আন এক ভাল লগা বিষয় এয়াও যে এই গীতটিৰ ভিডিঅ’টোত ২০০ গৰাকীতকৈ আৰ্টিষ্টে নৃত্য কৰিছে। গীতটি লিখিছে ৰাহুল গৌতম শৰ্মাই। কণ্ঠদান আৰু সংগীত পৰিচালনা জুবিন গাৰ্গৰ। যতীন-জুবিনৰ যুটি বুলি ক’লে অসমীয়া দৰ্শকসকল উৎসাহিত হৈ পৰে। তাহানিৰ দিনৰ পৰা যেতিয়াই যেতিয়াই এই যুটিটো দৰ্শকৰ মাজলৈ আহিছে, তেতিয়াই তেতিয়াই তেওঁলোকৰ প্ৰকল্পসমূহে জনপ্ৰিয়তাৰ শীখৰ পাইছেগৈ। “ৰাঘৱ” ৰ মুক্তি অহা অক্টোবৰ মাহৰ ২৭ তাৰিখে। ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ প্ৰচাৰো আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।
বিশেষ একো নকওঁ, আপোনালোকে উপভোগ কৰক এই গীতটো।