Spread the love

অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনলৈ নিতৌ আহিছে নতুন খবৰ। ইখনৰ পিছত সিখন ছবিৰ মুক্তিৰ খবৰে সকলোকে উৎসাহিত কৰাত সক্ষম হৈ উঠিছে। যোৱা ১ মাৰ্চ, ২০২৩ তাৰিখে এক সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে গুৱাহাটীস্থিত জ্যোতি চিত্ৰবনত শুভ মহুৰত কৰা হয় আহিবলগীয়া অসমীয়া ছবি “অগ্নিবীৰ” ৰ। আৰ বি প্ৰডাকচনৰ বেনাৰত বিগত বৰ্ষত মুক্তি লাভ কৰা “লংকাকাণ্ড” ৰ পিছত আন এখন ছবিক লৈ অসমবাসী ৰাইজৰ কাষ চাপিছে উক্ত প্ৰডাকচন হাউচটো। ক’ৰোণাৰ বিভীষিকাময় পৰিস্থিতিয়ে আমাৰ অসমীয়া ছবিক্ষেত্ৰখন বহুখিনি পিছুৱাই লৈ গৈছিল যদিও ইতিমধ্যে এই নেতিবাচক পৰিস্থিতি সমূহ শাম কাটিছে। ছবিগৃহত এখন হিন্দী তথা ইংৰাজী ছবিৰ সমান্তৰালকৈ এখন অসমীয়া ছবিয়ো প্ৰদৰ্শনৰ বাবে শাৰীত থিয় দিছে। আহিবলগীয়া “অগ্নিবীৰ” শীৰ্ষক ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে গণেশ তামুলী, মনীষ আগৰৱাল আৰু টুন টুন শইকীয়া বৰ্মন।

ছবিখনক লৈ উৎসাহিত হোৱাৰ অৱশ্যে এটা অইন কাৰণো আছে। বিগত ১০ বছৰৰ পিছত নিজৰ অভিনয়ৰ যাদুৰে পুনৰ দৰ্শকক আকৰ্ষণ কৰিবলৈ আহি আছে জনপ্ৰিয় অভিনেতা আকাশদ্বীপ। “অগ্নিবীৰ” ছবিখনত খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেতা গৰাকীয়ে। ইয়াৰ লগতে, ছবিখনত অভিনয় কৰিব বাহাৰুল ইছলাম, বিক্ৰম ৰাজখোৱা (বিকি), হিৰণ্য দাস, শ্যামন্তিক শৰ্মা, ভ্ৰান্তি মেধি, নয়ন নিৰ্বাণ, চিৰঞ্জীত বৰা, অতুল পাচনি, দীনেশ দাস, বাবলি বৰা, জলী লস্কৰ, ৰমেন তামুলী, অনুশ্ৰী দাস, পৰাগ শৰ্মা, কবিন ৰাজ, সিদ্ধু ডেকাৰ লগতে আন কেইবাগৰাকীও ন-পুৰণি শিল্পীয়ে। ছবিখনত সহঃপ্ৰযোজক হিচাবে দায়িত্ব পালন কৰিছে অমৰেন্দ্ৰ ভাগৱতী আৰু নীতিশ ৰঞ্জন দাসে। আনহাতে, সংগীত পৰিচালনা অজয় ফুকনৰ। দৃশ্যগ্ৰহণ কৰিব বিতুল দাসৰ লগতে ধৰ্ম থাপাই। অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মনোৰম প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ মেঘালয় আৰু অৰুণাচলৰ সমান্তৰালকৈ কাশ্মীৰতো দৃশ্যগ্ৰহণ কৰা হ’ব “অগ্নিবীৰ” ৰ। চলিত মাৰ্চ মাহৰ ১৭ তাৰিখৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব।

আৰু এখন সুন্দৰ ছবি উপভোগ কৰিবলৈ সাজু হ’বৰ হ’ল অসমবাসীৰ। আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *