“চিকাৰী” ৰূপী এইবাৰ “চিকাৰ” ত জুবিন গাৰ্গ। আগন্তুক অসমীয়া ছবি “চিকাৰ” ৰ ফাৰ্ষ্ট লুক পষ্টাৰ মুকলিৰ পিছতেই চলচিত্ৰপ্ৰেমীসকলৰ মাজত খলকনিৰ সৃষ্টি হৈছে। অসম আৰু অধিকাংশ শ্বুটিং লণ্ডনত সমাপন হোৱা এই ছবিখনৰ কাহিনীভাগ চাহ বাগানক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। চাহ বাগানত কাম কৰা মজদুৰসকলৰ জীৱন, সংগ্ৰাম তথা মহিলাসকলৰ প্ৰতি কৰা অত্যাচাৰ সমূহক লৈয়ে হৈছে “চিকাৰ”।
“চিকাৰ” ত জুবিন গাৰ্গৰ সৈতে আদিল হুচেইন, উৰ্মিলা মহন্ত, অন্তৰীক্ষ চহৰীয়া আৰু সিদ্ধাৰ্থ শৰ্মাকো দেখিবলৈ পোৱাৰ অপেক্ষাত এতিয়া দৰ্শকগণ। বিগ ফিল্মছ মিডিয়াৰ নিবেদন, ইউনিকৰ্ম মশ্বন পিকচাৰ্ছ প্ৰডাকচন আৰু ডি ক্ৰিয়েটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মিত “চিকাৰ” ৰ প্ৰযোজনা কৰিছে ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যই। ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে দেবাংকৰ বৰগোঁহাই। লগতে, চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদান্তৰ।
অতিশীঘ্ৰে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হ’ব।