২০২৩ বৰ্ষত ২৫ টা সোণালী বৰ্ষ সম্পূৰ্ণ কৰাৰ শুভক্ষণত “যৌৱনে আমনি কৰে” ছবিখনৰ চিকুৱেল নিৰ্মাণৰ বিষয়ে ঘোষণা কৰা হৈছিল অৰ্থাৎ “যৌৱনে আমনি কৰে ২” ৰ নিৰ্মাণৰ বিষয়ে জনোৱা হৈছিল। তেতিয়াৰে পৰা বিভিন্ন ঠাইত অডিশ্বন সমাপন কৰি শেহতীয়াকৈ জ্যোতি চিত্ৰবনত ছবিখনৰ শুভ মহুৰত অনুষ্ঠানটি ৰূপায়ণ কৰা হয়। জানিব পৰা মতে, ২৮ গৰাকী ন-প্ৰতিভাৰ সৈতে লগ লাগি লক্ষ্মী নাৰায়ণ ফিল্মচৰ বেনাৰত নিৰ্মাণ কৰা হ’ব “যৌৱনে আমনি কৰে ২”।
১৯৯৮ চনৰ এখন জনপ্ৰিয় ছবি হিচাবে পৰিগণিত হোৱা “যৌৱনে আমনি কৰে” ছবিখন অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনৰ এক মাইলৰ খুঁটি আছিল। কেৱল মাত্ৰ ৭ টকাৰ ১৫ টকা পৰ্যন্ত টিকেটৰ মূল্যৰে ছবিখনে এক আকৰ্ষণীয় উপাৰ্জন কৰিছিল। ১৯৯৮ চনৰ ১২ জুনত মুক্তি লাভ কৰা এই ছবিখন চিনেমাগৃহত একেৰাহে ২৫ টা সপ্তাহলৈ চলিছিল আৰু বহু সময়ত ই আছিল হাউচফুল।
অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা “যৌৱনে আমনি কৰে” ছবিখন বৰ্তমান সময়তো অসমীয়া দৰ্শকৰ বাবে প্ৰিয়।
ভিডিঅ’- উদয় শংকৰ