“বীৰাঙ্গনা সাধনী” ৰ প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণৰ পৰিসমাপ্তি-
“বীৰাঙ্গনা সাধনী” ৰ প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণৰ সফল সমাপ্তি। অসমৰ ইতিহাসৰ স্বৰ্ণিয় অধ্যায়ক ৰূপালী পৰ্দালৈ লৈ অনাৰ মানসেৰে নিৰ্মিত “বীৰাঙ্গনা সাধনী” যে পৰিচালক বিশ্বজিৎ বৰাৰ সপোনৰ প্ৰকল্প সেয়া তেখেতে কেইবাবাৰো ব্যক্ত কৰিছে। শেহতীয়াকৈ সামাজিক মাধ্যমত ছবিখনৰ প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণ সমাপ্তিৰ কথা জানিবলৈ দিয়ে।
ব্যয়বহুল শ্বেট নিৰ্মাণ কৰি দৰ্শকক যুদ্ধৰ এক বাস্তৱিক ৰূপ দেখুৱাবলৈ ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে কৰা নিৰলস প্ৰয়াসৰ কথা আমি আপোনালোকক জনাইছিলোঁ। ছবিখন সফলকাম হওক, নৱপ্ৰজন্মই আমাৰ ইতিহাসৰ সৈতে ছবিখনৰ জৰিয়তে অৱগত হওক আমি তাকে কামনা কৰিছোঁ।