Spread the love

আমি প্ৰায়ে আমাৰ সমাজত চলি থকা ভূমিকেন্দ্ৰিক বিবাদ সমূহ দেখি আহিছোঁ। যাৰ ফলত, বহুত হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে নহ’বলগীয়া বহু ঘটনা সংঘটিত হয়। মাটিৰ মালিকীস্বত্বক লৈ তিক্ত সংঘৰ্ষৰ প্ৰমাণ পাইছোঁ।এই ভূমি বিবাদক লৈ আহি আছে এখন চুটি ছবি “মাটিৰ আপোন”। আমি ইতিমধ্যে মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্ন বিষয়ক লৈ নিৰ্মিত চুটি ছবি উপভোগ কৰিছোঁ। এই প্ৰকল্পসমূহে সমাজত সঘনাই সংঘটিত একোটা নেতিবাচক ঘটনাক উপলব্ধি কৰাবলৈ সক্ষম কৰোৱায়।



উল্লেখ্য যে, “মাটিৰ আপোন” চুটি ছবিখনৰ কেৰেলা চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আগন্তুক আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া “15th International Documentary and Short Film Festival of Kerala” ত প্ৰিমিয়াৰ অনুষ্ঠিত কৰা হ’ব। এগৰাকী থলুৱা অসমীয়া ব্যক্তি আৰু পমুৱা মুছলমান শ্ৰমিকৰ মাজত হোৱা ভূমি বিবাদক লৈয়ে নিৰ্মাণ কৰা হৈছে “মাটিৰ আপোন” (Son of the Soil)। আকাংক্ষা ভাগবতীৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনত অভিনয় কৰিছে ধনঞ্জয় দেবনাথ আৰু সুদৰ্শন নাথে। কাহিনীভাগ পৰিচালক গৰাকীৰ নিজৰেই। আনহাতে, প্ৰযোজনাৰ দায়িত্বত আছে হেমাংগ ভাগবতী । চিত্ৰগ্ৰহণ কৰিছে নাহিদ আহমেদে। সম্পাদনা শংখৰ আৰু চাউণ্ড ডিজাইন দেৱজিৎ গায়নৰ। লগতে ৰং ৰূপাঙ্কণ কৰিছে ঘনশ্যাম কলিতাই।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *