Spread the love

আপোনালোকক ইতিমধ্যে জনাইছোঁ, সমাগত ৰঙালী বিহুক লৈ সাজু হৈছে সকলো সংগীতশিল্পী। মঞ্চ সমূহত গীত পৰিৱেশন কৰিবৰ বাবে সকলোৱে সম্প্ৰতি বহুল হাৰত আৰম্ভ কৰিছে প্ৰচাৰ। ইয়াৰ মাজতেই বিভিন্ন জন কণ্ঠশিল্পীয়ে তেওঁলোকৰ অনুৰাগী সকলক আমোদ প্ৰদানৰ হেতু এটিকৈ নতুন বিহুগীতৰ মুকলি কৰিছে। কালি আপোনালোকক বৰ্ণালী কলিতাৰ কণ্ঠৰে মুক্তিপাবলগীয়া “গাভৰু বিহু” ৰ কথা কৈছিলোঁ। আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ কণ্ঠশিল্পী সুবাসনা দত্তৰ বিষয়ে। তেওঁৰ কণ্ঠৰে মুক্তি পাবলৈ সাজু হৈছে এটি নতুন গীত “মানতৰা”। গীতটিৰ কথা-সুৰৰ দায়িত্বত আছে অপূৰ্ব জান। সংগীত কৰিছে পুলক নাথে আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গীতটিৰ ভিডিঅ’ত বিহু নৃত্য কৰিছে অভিনেত্ৰী অনন্যা কাশ্যপে। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক।

সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনিন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা, হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ। তেওঁৰ কণ্ঠৰ প্ৰশংসা হৈ আহিছে সচেতন মহলত। কোমল কণ্ঠৰ গৰাকী সুবাসনা দত্তৰ গীত সমূহে মুক্তি লাভৰ পিছতেই বহুল হাৰত ভিউৱাৰচ লাভ কৰা পৰিলক্ষিত হয়। ছ’চিয়েল মিডিয়াত সক্ৰিয় সুবাসনাই প্ৰায়ে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েও অনুৰাগী সকলক জনাই আহিছে। তেওঁৰ আহিবলগীয়া মঞ্চৰ অনুষ্ঠান সমূহৰ লগতে আগন্তুক গীত “মানতৰা” ৰ বাবে উৎসাহিত সকলো। সুবাসনা দত্তক Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *