Spread the love

“তুমি বুজা কি নুবুজা
তুমি লিখা কি নিলিখা
মৰমে গৰকা কবিতা।
ডেউকা মেলি দিলোঁ
মনৰ ডেউকা
মেলি দিলোঁ…”

কণ্ঠশিল্পী তৰালী শৰ্মাৰ নতুন গীতটোৰ মুক্তিৰ পিছতেই গীতটোৱে বহুসংখ্যক শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে তৰালী শৰ্মা বুলিলেই শ্ৰোতাগণৰ মাজত এক সুন্দৰ অনুভৱ অনুভূত হয়। তেখেতৰ সাৱলীল গায়কী, গীতৰ বিষয়বস্তু ইত্যাদি প্ৰত্যেকতে তৰালী শৰ্মাৰ আপোন যেন লগা ভাববোৰ আমি দেখিবলৈ পাওঁ। কণ্ঠশিল্পী গৰাকীৰ “আহিবা তুমি দুপৰ নিশা”, “হেঙুলীয়া”, “অনুৰাগ তোমাৰ বাবে” ইত্যাদি গীতবোৰ নুশুনা শ্ৰোতা হয়টো খুব কমেই ওলাব। আমি আচলতে এইটো ক’ব খুজিছোঁ যে, এগৰাকী কণ্ঠশিল্পীৰ কণ্ঠই যেতিয়া আপোনাক চুই যাব পাৰে তেতিয়া তেওঁৰ প্ৰতিটো গীতেই জনপ্ৰিয়তাৰ শীখৰত থাকে। সদ্যমুক্তিপ্ৰাপ্ত “ডেউকা মেলি দিলোঁ” শীৰ্ষক গীতটি তেখেতৰ “ডেউকা” এলবামখনৰ শীৰ্ষ গীত। ভিডিঅ’ সন্নিৱিষ্ট গীতটিৰ দুয়োটা সংস্কৰণে ৰাইজৰ সমাদৰ লাভ কৰিছে।

গীতটিৰ সুৰ কৰিছে তৰালী শৰ্মাই নিজেই। লিখিছে গৌতম শৰ্মাই। সংগীত ব্যৱস্থাপনা কৰিছে পৱন ৰাশ্বিলীয়ে। শব্দ-সংমিশ্ৰণৰ দায়িত্বত আছে জিন্তু বৰদলৈ আৰু ভিডিঅ’ পৰিচালনা দিগন্ত গৌতমৰ। গীতটোৰ ভিডিঅ’ত অভিনয় কৰিছে ক্ৰমে সৃষ্টি শৰ্মা, ঋতুৰাজ গগৈ, কুণাল মেছ, তেজঞ্চ দিহিঙীয়া, হিমাংশী শৰ্মা, ঝুনাকংকন ভূঞা, সুমন চৌধুৰী আৰু তৰালী শৰ্মাই। চিত্ৰগ্ৰহণ দেৱজিৎ সামন্তৰ আৰু সম্পাদনা সন্দীপ দাসৰ। ইউটিউবত গীতটিক লৈ অনুৰাগীয়ে দিয়া কমেণ্ট সমূহ ইতিবাচক। এগৰাকীয়ে লিখিছে- “কিয় জানো আপোনাৰ গীততেই এমুকুৰা সুখ আৰু এসাগৰ মৰম বিচাৰি পাওঁ”। আনহাতে আকৌ এগৰাকীয় লিখিছে- “আপোনাৰ গীতৰ কথাবোৰ সদায় অনন্য।”

মুঠতে, তৰালী শৰ্মাৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়ে শ্ৰোতাৰ সমাদৰ লাভ কৰিছে কেওদিশৰ পৰা। গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *