Spread the love

শুনিলেনে তৰালি শৰ্মাৰ নতুন গীত “উপমাৰ সিপাৰে”?

“উপমাৰ সিপাৰে
উশাহৰ উমেৰে
জিৰণীয়া ভালপোৱা মোৰ
পাৰে পাৰে পাৰাপাৰ
তুমি মই একাকাৰ
বেলিমুৱা ভালপোৱা মোৰ
আধামেলা খিৰিকীত
সৰি পৰা কুঁৱলী
মনে মনে ওলমিনো ৰয়”

গীতটোৰ শব্দবোৰ এবাৰ শুনি চাওক। সংগীতে আমাক যে প্ৰকৃতাৰ্থত প্ৰশান্তি দিব পাৰে সেয়া আপুনি তৰালি শৰ্মাৰ এই গীতটোৰ জৰিয়তে উপলব্ধি কৰিব পাৰিব।

যান্ত্ৰিকতাৰ এই যুগত কাৰোবাৰ কিছুমান সৰু সৰু কথাই আমাৰ যে ভাল লাগে তাকে বিষয়বস্তু হিচাবে লৈ এই গীতটো প্ৰস্তুত কৰি উলিওৱা হৈছে। গীতটোৰ কথা ৰাহুল গৌতম শৰ্মা। ৰাহুল গৌতম শৰ্মাৰ সৈতে প্ৰথমবাৰৰ বাবে যুটীয়াভাৱে তৰালি শৰ্মাই এটি গীত আমালৈ আগবঢ়াই দিছে। কণ্ঠদানত তৰালি শৰ্মাৰ সৈতে সহযোগ কৰিছে অৰূপজ্যোতি বৰুৱাই।

এতিয়ালৈ নুশুনাজনলৈ “উপমাৰ সিপাৰে” পুনৰ বাৰ আগবঢ়াই দিছোঁ-

https://youtu.be/–drBzFIZ9w?feature=shared


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *