তেওঁৰ কণ্ঠত সৰস্বতী আছে। আনহাতে, তেওঁৰ ব্যৱহাৰে আমাক বৰ আমোদ দিয়ে। – তৰালী শৰ্মাক লৈ দিয়া এই কমেণ্টবোৰ আমাৰ চিনাকী। সঁচাকৈ তেওঁৰ কণ্ঠই যেনেদৰে আমাক আপ্লুত কৰে, ঠিক তেনেদৰে তেওঁৰ হৃদয়ৰ কোমলতা খিনিও আমাক আকৰ্ষণ কৰে। সেয়েহে, কণ্ঠশিল্পীগৰাকীৰ আগন্তুক প্ৰকল্পসমূহক লৈ অপেক্ষাৰত অনুৰাগীৰ সংখ্যা যথেষ্ট।
তেওঁৰ আহিবলগীয়া গীতটিৰ নাম হৈছে “ডেউকা মেলি দিলোঁ”। “ডেউকা” এলবামখনিৰ এইটো হৈছে শীৰ্ষ গীত। অহা ২২ জুলাই তাৰিখে মুক্তিপাবলগীয়া এই গীতটি লিখিছে গীতিকাৰ তথা জনপ্ৰিয় সাংবাদিক গৌতম শৰ্মাই। সংগীত ব্যৱস্থাপনা পৱন ৰাচাইলিৰ, শব্দ-সংমিশ্ৰণ জিন্তু বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে দিগন্ত গৌতমে। ভিডিঅ’টোত অভিনয় কৰিছে ক্ৰমে সৃষ্টি শৰ্মা, ঋতুৰাজ গগৈ, কুণাল মেচ, তেজঞ্চী দিহিঙীয়া, হিমাংশী শৰ্মা, ঝুনাকংকন ভূঞা, সুমন চৌধুৰী আৰু তৰালী শৰ্মাই।
গীতটো নিশ্চিভাৱে সৰু এটি কাহিনীৰ আলম লৈ নিৰ্মাণ কৰা হৈছে। কণ্ঠশিল্পী গৰাকীয়ে নিজেও কৈছে “কেতিয়াবা সৰু সৰু কাহিনীবোৰত সৰু সৰু কথা থাকে আৰু কেতিয়াবা তেনে এক সৰু কাহিনীয়ে বুকুত এনেদৰে সাঁচ বহুৱাই যে আমি পাহৰিব নোৱাৰোঁ।” গতিকে এয়া স্পষ্ট যে তৰালী শৰ্মাই সৰু সৰু কথাৰ আলমত দিয়া সামাজিক মাধ্যমৰ পষ্টবোৰৰ দৰেই সৰু কথাৰে আহি আছে “ডেউকা মেলি দিলোঁ”।