Spread the love

জোনমণি ৰাভাৰ মৃত্যু হত্যাকাণ্ড, আত্মহত্যা নে দুৰ্ঘটনা আছিল? এগৰাকী দক্ষ আৰক্ষী বিষয়াৰ মৃত্যুৱে সমগ্ৰ অসম জোকাৰি গৈছিল। আজিও এই প্ৰসংগটো বিভিন্ন জন ৰাইজৰ মন-মগজুত সোমাই আছে। আপোনালোকে ভাবিছে নিশ্চয় যে আজি সামাজিক এটা বিষয় লৈ আমি মনোৰঞ্জন ক্ষেত্ৰখনৰ পেজখনলৈ কিয় আহিছোঁ। কাৰণ আছে। শেহতীয়াকৈ কথা বাগৰি আহিছিল যে জোনমণি ৰাভাৰ কাহিনীক সাঙুৰিয়ে নিৰ্মাণ কৰা হৈছে নেকি অহা ১৮ অক্টোবৰ তাৰিখে মুক্তিপাবলগীয়া অসমীয়া ছবি “জয় হনুমেন”?

এই প্ৰশ্নটো অলপতে চিনেমাখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসক কৰা হৈছিল। কিন্তু প্ৰশ্নটোক একাষাৰে নাকচ নকৰিলেও দাসে কৈছিল যে ছবিখনত এনে এটা কাহিনী নিশ্চিতভাৱে দেখুওৱা হৈছে যিটোৱে অসমৰ দৰ্শক ৰাইজক ভাবিবলৈ বাধ্য কৰি তুলিব। আমি হিমাংশু প্ৰসাদ দাসক পূৰ্বৰে পৰা দেখি আহিছোঁ, তেওঁৰ বিষয়বস্তুৱে দৰ্শকৰ হৃদয়ক বিন্ধা বুলি নহয়, আঘাত কৰে মগজুত। গতিকে, আগন্তুক দিনত মুক্তিপাবলগীয়া “জয় হনুমেন” ত আছে কি! এতিয়া সেই প্ৰশ্নটো চৰ্চিত হৈ পৰিছে জনসমাজত।

উল্লেখ্য যে, ছবিখনৰ দ্বিতীয়টো গীত “সাপ” কো প্ৰতিটো অডিঅ’ প্লেটফৰ্মত মুকলি কৰি দিয়া হৈছে, গীতটোত মিনিমি আৰু সান্নিধ্য ভূঞাৰ কণ্ঠ একেলগে শুনিবলৈ পাই উৎসাহিতও হৈছে ৰাইজ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *