Spread the love

“ৰাঘৱ” য়ে কৈছে “The Big Day Arrives”। মুক্তিৰ বাবে মাজত আছে আৰু কেইটামান ক্ষণ। অন্তিম পৰ্যায়লৈকে ছবিখনৰ কলা-কুশলী ব্যস্ত হৈ আছে প্ৰচাৰৰ বাবে। “লখিমপুৰ টু ধেমাজি” ৰ প্ৰচাৰৰ অন্তত এইবাৰ “ৰাঘৱ” য়ে কামাখ্যা গেটৰ পৰা চান্দমাৰীলৈকে ৰেলী সমাপন কৰি ৰাইজৰ সহযোগিতাৰ বাবে কামনা কৰে।

ইয়াৰোপৰি, ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গ’ল অসমৰ বিভিন্ন গৰাকী শিল্পী, কলা-কুশলী তথা যতীন বৰাৰ অভিনয়ৰ অনুৰাগীক। সকলোৱে মাত্ৰ এষাৰেই ক’লে “যতীন বৰাৰ অভিনয় আমি উপভোগ কৰি আহিছোঁ বহুদিনৰ পৰা, গতিকে “ৰাঘৱ” ৰ ক্ষেত্ৰতো আমি একেই আশা কৰিছোঁ।” কাৰিকৰী দিশৰ পৰাও এখন সফল ছবি হিচাবে পৰিগণিত হ’ব বুলি এতিয়া আশা প্ৰকাশ কৰিছে সকলোৱে।

কাইলৈৰ দিনটোলৈ অপেক্ষা। ছবিখনৰ “Success Story” চাবলৈ আমিও সাজু।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *