Spread the love

চৰ্চা, উৎসাহ আৰু উৎসুকতাৰ শাম কাটি মুকলি কৰি দিয়া হৈছে আগন্তুক অসমীয়া ছবি “জয় হনুমেন” ৰ প্ৰথমখন মশ্বন পষ্টাৰ।

হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আহিবলগীয়া ছবিখনত আপোনালোকে দেখিবলৈ পাব অসমীয়া অভিনয় জগতৰ কেইবাখনো চিনাকী মুখ। আমাৰ ভিতৰত থকা “চুপাৰহিৰো পাৱাৰ” টো কেনেদৰে আমি আমাৰ বাস্তৱ জীৱনত সময় সময়ে ব্যৱহাৰ কৰোঁ তাকেই লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এই ছবিখনৰ কাহিনীভাগ।

আগন্তুক ১৮ অক্টোবৰ তাৰিখে মুক্তিৰ বাবে সাজু হৈছে “জয় হনুমেন”। হাঁহি-ধেমালি আৰু অকণমান একচনক লগত লৈ আহি আছে “জয় হনুমেন”।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *