Spread the love

ঐতিহ্যমণ্ডিত ঘৰ, আদৰ্শৱান পৰিয়াল আৰু বৰুৱা ব্ৰাডাৰ্ছক লৈ “বৰুৱাৰ সংসাৰ”-

লতাশিল খেলপথাৰৰ সমীপত থকা এটা নিৰ্দ্দিষ্ট ঘৰ আপুনি দেখিছেনে? পূৰণিকলীয়া ঘৰটোৱে প্ৰায় প্ৰতিগৰাকী জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। ঘৰটো নিৰ্মাণ কৰা হৈছিল ১৯২৩ চনত। চলিত বৰ্ষত এই ঘৰটোৱে সম্পূৰ্ণ কৰিছে গৰিমাময় ১০০ টা বৰ্ষ। এই ঘৰটো সাক্ষী অসমৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ। এই ঘৰটোৰ পৰাই অসমৰ সামাজিক সাংস্কৃতিক দিশত বিভিন্ন অৱদান আগবঢ়াইছে “বৰুৱা ব্ৰাডাৰ্ছ” য়ে।

দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱা – এই ৯ গৰাকী ব্যক্তিয়ে অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, খেল তথা ৰাজনীতিৰ দিশৰ সৈতে জড়িত হৈ অসমৰ ৰাইজক যথেষ্টখিনি দিছে। এই আদৰ্শৱান পৰিয়ালটো আৰু ঐতিহ্যমণ্ডিত উক্ত ঘৰটোকে লৈ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী উৎপল বৰপূজাৰীয়ে “বৰুৱাৰ সংসাৰ” শীৰ্ষক এখন ৭১ মিনিট দৈৰ্ঘ্যৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে, যিখন অহা ২২ নৱেম্বৰ তাৰিখে গোৱাত ৫৪ তম আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ভাৰতৰ ইণ্ডিয়ান পেনেৰোমা শাখাত বিশ্ব প্ৰিমিয়াৰ হ’ব। সূৰ্য আৰু জেমিনী ফুকন প্ৰযোজনাৰ বেনাৰত তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই। এই তথ্যচিত্ৰখনৰ সহযোগী পৰিচালনা ভাস্কৰ জ্যোতি দাসৰ লগতে সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ। সহকাৰী পৰিচালিকা মনস্বিনী মহন্ত।

চুটি ছবিখনৰ ট্ৰেইলাৰটো আপোনালোকলৈ আগবঢ়ালোঁ-


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *