“নেলীৰ কথা” ৰ বাবে সাজু হওঁক অসমবাসী-
কাইলৈ অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে গুৱাহাটীকে ধৰি অসমৰ কেইবাটাও চিত্ৰগৃহত মুক্তি লাভ কৰিব অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি “নেলীৰ কথা”। বিশিষ্ট তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ পৰিচালনা, চিত্ৰনাট্য, সংলাপেৰে নিৰ্মিত এই ছবিখনে ইতিমধ্যে দেশ-বিদেশৰ কেইবাখনো চলচিত্ৰ সমাৰোহত মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ চলচিত্ৰ সমালোচকৰ দ্বাৰা বহুল হাৰত প্ৰশংসিত হৈছে।
শংকৰ-আজানৰ ভাতৃত্ববোধৰ মাটি হিচাবে চিনাকী থকা আমাৰ অসমৰ ইতিহাসৰ এটা মচিব নোৱাৰা ক’লা অধ্যায় হৈ এতিয়াও জিলিকি আছে নেলীৰ গণহত্যা। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলীত সংঘটিত হোৱা সেই গণহত্যা আজিও অসমবাসীয়ে পাহৰিব পৰা নাই। স্বাধীনোত্তৰ ভাৰতৰ এই হিংসাত্মক ঘটনাটোক ১০২ মিনিট দৈৰ্ঘ্যৰ “নেলীৰ কথা” ত উপস্থাপন কৰাৰ প্ৰয়াসত কিমান সফল হ’ব পাৰ্থজিৎ বৰুৱা, সেয়া অৱশ্যে লক্ষণীয় হ’ব!
আপোনালোক সাজু নে অসমৰ এই ঘটনাটোক এনেদৰে ৰূপালীপৰ্দাত উপভোগ কৰি হৃদয়ংগম কৰিবলৈ?