Spread the love

কৃষ্টিৰ এই পথাৰখনত আমি সকলোৱে প্ৰতিদিনে নতুনত্বৰ সন্ধান কৰোঁ। ন-ন প্ৰতিভাই সময়ে সময়ে আমাক আমোদ প্ৰদানৰ হেতু নতুন ধৰণে বহু প্ৰচেষ্টা হাতত লয়। বৰ্তমান থিয়েটাৰৰ সময়, অসমীয়া ছবি উদ্যোগটোৰ বহু ভাললগা খবৰ আমি যিমান পাইছোঁ সিমানেই আচলতে সক্ৰিয়ভাৱে সাজু হৈছে এই থিয়েটাৰ গোষ্ঠীসমূহো। ভ্ৰাম্যমাণ জগতখন সমৃদ্ধ কৰি ইতিমধ্যে বহু থিয়েটাৰ গোষ্ঠীয়ে নিজ সবল খোজ দিছে। শেহতীয়াকৈ ভ্ৰাম্যমাণৰ ক্ষেত্ৰৰ পৰা আহিছে আন এক ন-খবৰ, চমকপ্ৰদ আয়োজনেৰে ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে “থিয়েটাৰ ৰুদ্ৰকন্যা”।

সঞ্জয় গায়ন, ধ্ৰুৱশেখৰ বৰা, অনুৰাগ বৰা আৰু শশাংক শেখৰ নামৰ সাংস্কৃতিকভাৱে যথেষ্ট দৃঢ় এই যুৱক কেইগৰাকীৰ নেতৃত্বত “থিয়েটাৰ ৰুদ্ৰকন্যা” য়ে জন্মলাভ কৰিছে। এই থিয়েটাৰ গোষ্ঠীৰ নাট তিনিখন হৈছে ক্ৰমে কবিন ৰাজৰ “যোদ্ধা নায়ক”, উদীপ্ত ভাস্কৰ কলিতাৰ “বনবাসী ৰাধা” আৰু ক্ষিতীশ বৰাৰ “সন্ধ্যাতৰা”। উক্ত তিনিওখন নাটৰ ভিতৰত আটাইকৈ চৰ্চালৈ অহা নাটকখন হৈছে কবিন ৰাজৰ “যোদ্ধা নায়ক”। এজন ভাগৰি নপৰা যুৱকৰ জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বান আৰু সমাজৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে হোৱা যুদ্ধৰ কথাৰে এই নাটখনৰ কাহিনীভাগ লিখা হৈছে। ৰূপক শৰ্মা, প্ৰত্যাশা ভৰদ্বাজ, প্ৰণীতা দেৱী, নৱ গগৈ, হৰেন গগৈ, পলাশ শইকীয়া, প্ৰদীপ বৰ্মন, বৰ্ণালী পাঠকৰ লগতে আন বহু ন-পুৰণি শিল্পীৰ সমাহাৰেৰে এই নাটকেইখন মঞ্চস্থ কৰা হ’ব।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *