Spread the love

“হিয়া দিয়া নিয়া” বিশেষ, ১ কোটি টকাৰ উপাৰ্জনেৰে জনপ্ৰিয় ছবিখন-

তাহানিৰ দিনটো ভিৰ হৈছিল ছবিগৃহত। এই ফটোখন ২০০০ চনৰ, “হিয়া দিয়া নিয়া” মুক্তিৰ সময়ত ছবিখন চাবলৈ যোৱা দৰ্শকৰ ভিৰ চাওক চোন।

২০০০ চনত মুনিন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছিল ভাইমন দাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা। এই ছবিখনত প্ৰথমবাৰৰ বাবে অভিনেতা হিচাবে আত্মপ্ৰকাশ কৰিছিল ৰবি শৰ্মাই আৰু সংগীত পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰিছিল জুবিন গাৰ্গে।

“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল ৰবি শৰ্মাৰ লগতে লুনা লহকৰ, যতীন বৰা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। ছবিখন আপোনালোকে কোনটো বৰ্ষত উপভোগ কৰিছিল বাৰু?


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *