Spread the love

চিন্ময় বাৰ্মাৰ কনচেপ্টবোৰ সদায় ব্যতিক্ৰম আৰু সদায় নতুন। চুটি ছবি ক্ষেত্ৰখনৰ এক অন্যতম প্ৰত্যাশিত নাম হৈ পৰিছে চিন্ময় বাৰ্মা। যুৱ পৰিচালক এগৰাকীৰ চিন্তাধাৰাৰ গভীৰতা যে ইমান অধিক সুন্দৰ হ’ব পাৰে সেয়া চিন্ময় বাৰ্মাৰ পৰিচালনাসমূহত স্পষ্ট হৈ পৰিছে। “ঘোঁৰাপাক”, “যখিনী” ইত্যাদিৰ দৰে একোখন চুটি ছবিয়েই আপোনাক যি সন্তুষ্টি প্ৰদান কৰিছে তাক আপুনি একাষাৰে অমান্য কৰিব নোৱাৰে। শেহতীয়াকৈ তেওঁৰ আন এখন চুটি ছবি “অহল্যা” ৰ এটি সৰু ট্ৰেইলাৰ দেখিবলৈ পোৱা গৈছিল। ট্ৰেইলাৰটোৱে যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

চিন্ময় বাৰ্মাৰ পৰিচালিত প্ৰকল্পসমূহৰ আন এটা দিশ এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ। তেওঁ নিজ প্ৰকল্পসমূহৰ জৰিয়তে দিবলৈ বিচৰা বাৰ্তা সমূহ নিজাববীয়াকৈ স্পষ্ট নকৰি দৰ্শকক ভবাৰ অৱকাশ প্ৰদান কৰে। দৰ্শকে প্ৰকল্পটো উপভোগ কৰি যি বুজিব পাৰে, সেয়া তেওঁলোকে নিজে বুজি উঠিব পাৰে। “অহল্যা” কো তেনেধৰণেই ৰখা হৈছে। অৱশ্যে এই চুটি ছবিখন উপভোগ কৰিবৰ বাবে আপোনালোকে কিছু দিন অপেক্ষা কৰিব লাগিব। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন খন ছবি সমাৰোহলৈ “অহল্যা” ক প্ৰেৰণ কৰাৰ মানস কৰিছে এতিয়া নিৰ্মাতা গোষ্ঠীয়ে। আমি অপেক্ষাৰত “অহল্যা” ক উপভোগ কৰিবলৈ।

লগতে, আশা কৰিছোঁ চিন্ময় বাৰ্মাৰ আন চুটি ছবিসমূহৰ দৰে এই চুটি ছবিখনেও দৰ্শক তথা চলচিত্ৰ সমালোচকৰ প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হওক।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *