Spread the love

আজি অসমীয়া চলচিত্ৰ জগতৰ দুগৰাকীকৈ খ্যাতনাম শিল্পীৰ আজি স্মৃতিদিৱস। নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাই সুনাম অৰ্জন কৰি যোৱা এই দুয়োগৰাকী নাৰীয়ে অসমীয়া ছবি ক্ষেত্ৰত উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। এগৰাকী হৈছে সুপ্ৰভা দেৱী। অসমীয়া চলচিত্ৰ উদ্যোগৰ প্ৰথম গৰাকী মহিলা পৰিচালিকা তথা প্ৰযোজিকা। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ “জয়মতী” ছবিত অভিনয় কৰা আইদেউ সন্দিকৈৰ পিছত কেমেৰাৰ আঁৰত প্ৰায় ৪৯ টা বছৰ কোনো মহিলা অহা নাছিল। কিন্তু সেই সময়ছোৱাত সমাজৰ বাধাসমূহ ভাঙি ওলাই আহি ১৯৮৪ চনত সুপ্ৰভা দেৱীয়ে পৰিচালনা কৰিছিল “নয়নমণি”। ছবিখনে ৰাইজৰ সঁহাৰি নাপালেও বা সফলতা লাভ নকৰিলেও সুপ্ৰভা দেৱীক প্ৰথমগৰাকী মহিলা পৰিচালিকা হিচাবে এক সুকীয়া পৰিচয় প্ৰদান কৰিলে। পৰৱৰ্তী সময়ত, স্বামী তথা প্ৰযোজক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে যুটীয়াভাৱে তেওঁ যোগ-বিয়োগ, তৰামাই, মৰমী, ৰাংঢালী আদি কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰে।

আনহাতে, আজি আন এগৰাকী অভিনেত্ৰী ইভা আচাওৰ মৃত্যুতিথি। ৫০-৬০ দশকৰ ভিতৰত কেইবাখনো ছবিত অভিনয় কৰি পাৰদৰ্শিতা অৰ্জন কৰা এইগৰাকী অভিনেত্ৰীৰ ৰূপেও মুহি নিছিল দৰ্শক সকলক। আপোনালোকে জানেনে? ১৯৫৮ চনত ফিল্মফেয়াৰ আলোচনীয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় “প্ৰতিভা-সন্ধানী” প্ৰতিযোগিতাত মহিলা শাখাত তেওঁ শ্ৰেষ্ঠ প্ৰতিযোগীৰ বঁটা লাভ কৰিছিল। তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী যাৰ ফিল্মফেয়াৰ কভাৰত প্ৰকাশ পাইছিল ফটো। চৈধ্য বছৰ বয়সতে নটসূৰ্য্য ফণী শৰ্মাৰ ছবি “পিঁয়লি ফুকন” ৰ জৰিয়তে অভিনয় জগতত খোজ পেলোৱা ইভা আচাওক শকুন্তলা, লাচিত বৰফুকন, কেঁচাসোণ, মণিৰাম দেৱান, ভাইটি, মমতা, নৰকাসুৰ, প্ৰতিধ্বনি ইত্যাদি বহুকেইখন ছবিত দেখিবলৈ পোৱা গৈছিল।

তেওঁলোক দুয়োগৰাকীকে Jollywood Now ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *