সদ্য মুক্তিপ্ৰাপ্ত এটি নতুন গীত “তুমিয়েইটো মোৰ” য়ে মুক্তিৰ লগে লগেই শ্ৰোতা দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে | চিন্ময় কৌশিক আৰু জয় নিৰ্বাণে কথা-সুৰ কৰা গীতটিৰ কণ্ঠদান কৰিছে পাপৰি গগৈ আৰু জয় নিৰ্বাণে | গীতটিৰ সংগীত পলাশ গগৈৰ | উল্লেখ্য যে, এই গীতটিত দ্বীপজ্যোতি মহন্তই নিজেই অভিনয় কৰাৰ লগতে কাহিনী আৰু পৰিচালনাও কৰিছে |
গীতটিৰ প্ৰসংগত দ্বীপজ্যোতি মহন্তই “Jollywood Now” ৰ আগত কয় যে, “তুমিয়েইটো মোৰ গীতটো মোৰ বাবে একপ্ৰকাৰৰ চেলেঞ্জ বুলি ক’ব লাগিব | মোৰ পৰিচালক হ’বলৈ যোগ্যতা একদম কম | পৰিচালক শব্দটো বহুত ডাঙৰ আৰু সন্মানৰ শব্দ | অভিনয় জীৱনৰ অভিজ্ঞতা সমূহ সামৰি ভিডিঅ’টো প্ৰস্তুত কৰি উলিয়াইছো আৰু এজন কাহিনীকাৰ হিচাপে ৰাইজক মোৰ দৃষ্টিৰে এটি কাহিনী দেখুৱাবলৈ প্ৰয়াস কৰিছো | আৰু গীতটো আজি যি সমাদৰ লাভ কৰিছে সকলো ক্ৰেডিট মোৰ টীমটোৰ | তেওঁলোক অবিহনে এইটো প্ৰডাক্ট নোলালহেতেন কেতিয়াওঁ | নাজানো মনত কি সাহস গোটালো, পাপৰি বা আৰু অভিনৱ দা (Producer) ৰ লগত কথা বতৰা চলোতে একেষাৰে মই ক’লো গীতটি মই পৰিচালনা কৰিব বিচাৰোঁ | তেওঁলোকেও মোক বিশ্বাস কৰি গীতটো কৰিব দিলে | তাৰ ফলস্বৰূপে আজি ৰাইজে উপভোগ কৰিব পাৰিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ তেওঁলোকক | তাৰোপৰি যিখিনি লোকে মোক সদায় মৰম দি আহিছে তেওঁলোকৰ বাবে উৎসাহ পাইছোঁ আৰু ভৱিষ্যতেও কৰি যাম এনেকৈ ভাল কাম | আচলতে কেতিয়াবা কিছুমান কথাই মনত বৰ দুখ দিয়ে | যিমান ভাল কাম কৰিলেও মানুহে সমালোচনা কৰিবলৈ নেৰে (কিছুসংখ্যকে) | আৰু মোক লৈ টো বহুত অভিযোগ কৰে, কিয় নাজানো | এটা কথা কওঁ, মোক পৰিচালক এজনে যেনেকৈ কৰিব কয় তেনেকৈ কৰিবলৈ চেষ্টা কৰো | হাঁহিব ক’লে হাঁহো, শ্লম’ কৰে ভিডিঅ’ত আৰু নায়িকাক ৰাস্তাত ল’গ পাওঁ | এইবোৰ পৰিচালক সকলৰ চিন্তাধাৰা | ইয়াত মোক দুখি একো লাভ নাই | আৰু মই ভাবো প্ৰত্যেকৰ ই নিজৰ এটা ভিজন থাকে আৰু এইক্ষেত্ৰত সকলো স্বাধীন | ক’তো নিষেধাজ্ঞা নাই, এইবোৰে বহুত বিৰূপ প্ৰভাৱ পেলায় | মই ক’ব বিচাৰো আমি কোনো পাৰফেক্ট নহয়, সকলোৱে চেষ্টাহে কৰি আছোঁ, ভুল হবই মানুহ হিচাপে | মই কেতিয়াও নিজকে অভিনেতা হিচাপেও মনা নাই, তথাপিও চেষ্টা কৰি আছো ৷ মোৰ অভিমান গানত দিচলাইক কৰা মানুহবোৰক লৈ, কিয় যিনান যি কৰিলেওঁ তেওঁলোক সুখী নহয় | তেওঁলোকেই যেন মোৰ প্ৰশ্নৰ উৎস | যিদিনা তেওঁলোকক সুখী কৰিব পাৰিম, সেইদিনা নিজক কিছুক্ষেত্ৰত সফল যেন অনুভৱ কৰিম |
শেষত Jollywood Now ৰ জৰিয়তে এটা কথা ক’ব বিচাৰিম, আমি যদি ইজনে সিজনক ঋনাত্মক সমালোচনা নকৰি ভুল শুদ্ধবোৰ আঙুলিয়াই তেওঁলোকক উৎসাহ দিওঁ, তেতিয়া মোৰ দৰে আন দহজন দ্বীপজ্যোতি মহন্ত আগবাঢ়ি আহিবলৈ সাহস কৰিব আৰু অসমীয়া মনোৰঞ্জনৰ উদ্যেগটো আগবঢ়ায় লৈ যোৱাত সহায় কৰিব |”