Spread the love

চিনেমা এক ভাষা অনেক- “বৰ্ধৰাজ গোৱিন্দম” ক লৈ সৰ্বত্ৰে চলিছে চৰ্চা…

এখন ছবিক লৈ এতিয়া জনসমাজত চৰ্চা চলিছে, ছবিখনক মুকলি কৰা হ’ব ৫ টা ভিন্ন ভাষাত। সেয়া হৈছে ক্ৰমে মালায়ালম, তামিল, তেলেগু, হিন্দী আৰু অসমীয়া। আমি ইতিমধ্যে “ৰক্তবীজ” আৰু “বহ্নিমান” ত দেখিবলৈ পোৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অভিনেতা ৰবি জাংঘু আৰু অসমীয়া জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাৰ যুটিৰে আহি আছে “বৰ্ধৰাজ গোৱিন্দম”। জানিব পৰা মতে, “বৰ্ধৰাজ গোৱিন্দম”ৰ জৰিয়তে প্ৰতিটো কোণৰ দৰ্শকক আমোদ প্ৰদানৰ উদ্দেশ্যে ৫ টা ভাষাত মুকলি কৰা হ’ব এই ছবিখন।

ভি সমুদ্ৰৰ পৰিচালনাৰে আহিবলগীয়া এই ছবিখনক লৈ শেহতীয়াকৈ ৰবি জাংঘুই আপডেট দিছে সামাজিক মাধ্যমত। ছবিখনত সহযোগী পৰিচালক হিচাবে আছে চন্দন কুমাৰ, ৱেনকাটেশ আৰু নয়না তালুকদাৰ। উল্লেখ্য যে, এই ছবিখনত সংগীত কৰিছে অসম সন্তান পলাশ সূৰ্য গগৈয়ে।

“বৰ্ধৰাজ গোৱিন্দম” ক লৈ অসমবাসী উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গ’ল। ছবিখনৰ মুক্তিৰ দিন গণিছে এতিয়া সকলোৱে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *